নিউজ ডেস্কঃ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা গৃহীত হোৱা তিনিখনকৈ কৃষি আইনৰ বিৰুদ্ধে দেশৰ বিভিন্ন ৰাজ্যৰ লক্ষাধিক কৃষকে যোৱা ৯ দিন ধৰি ৰাজধানী চহৰ নতুন দিল্লীত আন্দোলন অব্যাহত ৰাখিছে ৷ ইয়াৰ মাজতে কৃষক সংগঠনে সংবাদমেলযোগে ৮ ডিচেম্বৰত ভাৰত বন্ধৰ আহ্বান জনাইছে।
৪০টাকৈ প্ৰতিবাদী কৃষক সংগঠনৰ সৈতে কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে চাৰিবাৰকৈ আলোচনাত মিলিত হৈছে যদিও কোনো সমাধান সূত্ৰ এতিয়ালৈকে ওলোৱা নাই৷ আজি শনিবাৰেও কৃষক সংগঠনৰে চৰকাৰৰ সৈতে বৈঠক অনুষ্ঠিত হ’ব যদিও সেই আলোচনাও যে সফল হ’ব তাৰো কোনো নিশ্চিতি নাই।
এনে পৰিস্থিতিত কৃষক সংগঠনসমূহে ভাৰত বন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছে বুলি ভাৰতীয় কিষাণ ইউনিয়নৰ সাধাৰণ সম্পাদক এইছ এছ লাখোৱালে সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰিছে।চৰকাৰে বিতৰ্কিত কৃষি আইন কেইখন প্ৰত্যাহাৰ কৰিবই লাগিব বুলি লাখোৱালে সঁকিয়াই দিয়ে।নিখিল ভাৰত কিষাণ সভাৰ সাধাৰণ সম্পাদক হান্নান মোল্লাই কয় যে চৰকাৰে পূঁজিপতিৰ স্বাৰ্থত কৃষি আইন কেইখন গৃহীত কৰিছে।এই আইনে কৃষকসকলক ভাতে মাৰিব।সেয়ে এই আইন তিনিখনৰ বিৰুদ্ধে দেশৰ কৃষক সমাজে আগলৈও আন্দোলন চলাই যাব বুলি তেওঁ কয়।