নিউজ ডেস্কঃ ভাৰতত বিগত ২৪ ঘণ্টাত নতুনকৈ ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৪০,০০০ৰ তললৈ অহা পৰিলক্ষিত হৈছে৷ ১৫ সপ্তাহৰ পিছত দৈনিক নতুন ৰোগীৰ সংখ্যাই ৩৮,৩১০ৰ সীমা স্পৰ্শ কৰিছে৷ ২২ জুলাই ২০২০ত নতুন ৰোগীৰ সংখ্যা আছিল ৩৭,৭২৪ জন৷
প্ৰতিদিনে সৰ্বাধিক সংখ্যক ক’ভিড-১৯ ৰোগীৰ আৰোগ্যৰ পৰিপ্ৰেক্ষিতত মৃত্যুৰ হাৰো কম হৈছে৷
সক্ৰিয় ৰোগীৰ সংখ্যা ৫.৫ লাখৰ তললৈ আহিছে৷ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫,৪১,৪০৫ জন আৰু ই মুঠ ৰোগীৰ ৬.৫৫%হে৷
মুঠ আৰোগ্য হোৱা ৰোগীৰ সংখ্যা হৈছে ৭৬ লাখ (৭৬,০৩,১২১ জন)৷
সক্ৰিয় ৰোগী আৰু আৰোগ্য হোৱা ৰোগীৰ মাজৰ ব্যৱধান আজি ৭০ লাখ অতিক্ৰম কৰি ৭০,৬১,৭১৬ জন হৈছে৷
বিগত ২৪ ঘণ্টাত ৫৮,৩২৩ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে আৰু তেওঁলোকক মুকলি কৰি দিয়া হৈছে৷ ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৯১.৯৬%লৈ বৃদ্ধি হৈছে৷
১০খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশত ৮০% নতুনকৈ আৰোগ্য হোৱা ৰোগীৰ পৰিঘটনা পৰিলক্ষিত হৈছে৷
মহাৰাষ্ট্ৰত এদিনতে ১০,০০০ লোকে আৰোগ্য লাভ কৰি শীৰ্ষস্থানত উপনীত হোৱাৰ লগতে কৰ্ণাটকত এদিনত ৮,০০০ জন লোকে আৰোগ্য লাভ কৰি ৰাজ্যখনে দ্বিতীয় স্থান লাভ কৰিছে৷
১০খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশত ৭৪% নতুন ৰোগী পৰিলক্ষিত হৈছে৷
কেৰালা, দিল্লী আৰু মহাৰাষ্ট্ৰত ৪,০০০ত কৈও অধিক লোক আৰু পশ্চিমবংগত ৩,০০০ নতুনকৈ লোক ৰোগত আক্ৰান্ত হৈছে৷
বিগত ২৪ ঘণ্টাত ৪৯০ জন লোকৰ মৃত্যু হৈছে৷
ভাৰতত মৃত্যুৰ হাৰ বৰ্তমানে ১.৪৯%৷