দেশখনত ক’ৰোনাৰ সন্ত্ৰাস ক্ৰমান্বয়ে হ্ৰাস হোৱাৰ উপক্ৰম হৈছে। যোৱা ২৪ ঘণ্টাত দেশত ৪১,৩২২জন ক’ভিড পজিটিভ লোক চিনাক্ত হয়। ইয়াকে লৈ দেশত মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ৯৩.৫১লাখলৈ। আনহাতে বৃহস্পতিবাৰৰ তুলনাত দেশত শুকুৰবাৰে ৪ শতাংশ কম লোক ক’ভিডত নতুনকৈ আক্ৰান্ত হৈছে। শুক্ৰবাৰৰ দিনটোত দেশজুৰি মৃত্যু হৈছে ৪৮৫ জন ক’ভিড আক্ৰান্ত লোক। এতিয়া লৈ দেশত মুঠ মৃতৰ সংখ্যা বৃদ্ধি পাইছে ১,৩৬,২০০ জন লৈ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এই তথ্য শনিবাৰে প্ৰকাশ কৰে। দেশত ক’ভিড প্ৰতিষেধক উদ্ভাৱনৰ প্ৰচেষ্টাই অব্যাহত হৈ থকাৰ সময়তে ক’ভিড সংক্ৰমণৰ নিম্নগামীয়ে হাৰে দেশখনলৈ কিছু সুখবৰ কঢ়িয়াই আনিছে । আনহাতে মহাৰাষ্ট্ৰ, কৰ্ণাটক অন্ধ্রপ্ৰদেশ, তামিলনাডু আৰু কেৰালা আদি ৰাজ্যত এতিয়াও দেশৰ অধিক আক্ৰান্ত ৰাজ্যৰ তালিকাত আছে। যোৱা ২৪ ঘণ্টাত এই ৰাজ্যকেইখনত ২৩ৰ পৰা ৮৫ জন লোকৰ ক’ভিডত মৃত্যু হৈছে লগতে দিল্লীত শুকুৰবাৰৰ দিনটোত নতুনকৈ ৫,৪৮২জন আক্ৰান্ত চিনাক্ত হৈছে আৰু মৃত্যু হৈছে ৯৮জনৰ। মহাৰাষ্ট্ৰতো ৬ সহস্ৰাধিক লোক নতুনকৈ আক্ৰান্ত হৈছে আৰু ৮৫জন আক্ৰান্তৰ মৃত্যু হৈছে।