নিউজ ডেস্কঃ কেন্দ্ৰীয় পৰিসংখ্যা মন্ত্ৰালয়ৰ তথ্যত প্ৰকাশ পাইছে দেশৰ অৰ্থনীতিৰ এক উদ্বেগজনক তথ্য৷ পাচলি, কণীৰ বজাৰত লগা জুইৰ ফলত দেশত খুচুৰা মুদ্ৰাস্ফীতি ৭.৬১% লৈ বৃদ্ধি পাইছে৷
বিগত ছবছৰৰ ভিতৰত এয়াই হ’ল এই পৰ্যন্ত সৰ্বাধিক মুদ্ৰাস্ফীতি৷ গ্ৰাহক মূল্য সূচাংক বৃদ্ধি পাইছে ১১.০৭ শতাংশ৷ ক’ৰোনাৰ সময়ছোৱাত ঔদ্যোগিক খণ্ডৰ বৃদ্ধি মাত্ৰ ০.২ শতাংশহে হৈছে৷
৯.২৬% বৃদ্ধিৰে অসমত ৰাষ্ট্ৰীয় পৰ্যায়তকৈও মুদ্ৰাস্ফীতিৰ হাৰ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷
উল্লেখ্য, ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ ৰঘুৰাম ৰাজনে কৰ্প’ৰেটক বেংক খোলাৰ অনুমতি প্ৰদান কৰিলে অৰ্থনীতি শোচনীয় হ’ব বুলি সতৰ্কবাণী প্ৰদান কৰিছে৷