আজি ঘোষণা হ’ব JEE MAINS পৰীক্ষাৰ ফলাফল। দেশৰ প্ৰায় ১১লাখ ৭০হাজাৰ পৰীক্ষাৰ্থী বহা এই গুৰুত্বপূৰ্ণ পৰীক্ষাটোৰ ফলাফলৰ বাবে ৱেবচাইট মুকলি কৰা হৈছে। নেচনেল টেন্সিং এজেঞ্চিয়ে ফলাফল চাবৰ বাবে মুকলি কৰা ৱেবচাইটো হৈছে- jeemain.nta.nic.in.
উল্লেখ্য যে, ২০২৪বৰ্ষৰ জে ই ই মেইনচ পৰীক্ষাত মুঠ ১২লাখ ৩১হাজাৰ শিক্ষাৰ্থীয়ে আবেদন কৰিছিল আৰু পৰীক্ষাত বহিছিল ১১লাখ ৭০হাজাৰ পৰীক্ষাৰ্থীয়ে।
অসমৰো বহু সংখ্যক শিক্ষাৰ্থী বহিছিল এই পৰীক্ষাত। আজি দিনৰ ১২বজাৰ আগেয়েই শিক্ষাৰ্থীসকলে ফলাফল লাভ কৰিব বুলি সদৰি কৰিছে নেচনেল টেন্সিং এজেঞ্চিয়ে।