নিউজ ডেস্কঃ শেহতীয়াকৈ জানিব পৰা মতে কৰ্ণাটক চৰকাৰে এহেজাৰ প্ৰশিক্ষণ প্ৰাপ্ত নাৰ্ছক বৃটেইনলৈ পঠিয়াবলৈ সাজু হৈছে। কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ড০ চি এন অশ্বথাই এই সম্পৰ্কে সদৰি কৰি কয় যে ইউৰোপকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তত ভাৰতৰ নাৰ্ছক গুৰুত্ব অপৰিসীম দিয়াৰ লগতে সেই দেশসমূহত বহূ চিকিৎসালয়ে ভাৰতীয় নাৰ্ছৰ নিযুক্তিৰ ক্ষেত্ৰত আগ্ৰহ কৰিছে ৷ সেয়েহে ইয়াৰ প্ৰথম পদক্ষেপ হিচাপে এহেজাৰ নাৰ্ছক বৃটেইনলৈ পঠিওৱা হ’ব ৷ প্ৰথম পৰ্যায়ত বৃটেইনলৈ যাব লগা নাৰ্ছসকলক কৰ্ণাটক চৰকাৰে যাৱতীয় প্ৰশিক্ষণ আগবঢ়াব বুলিও ৰাজ্যৰ উপ-মুখ্যমন্ত্ৰীয়ে মত প্ৰকাশ কৰিছে ৷
উল্লেখ্য, ইয়াৰ জৰিয়তে বিদেশৰ সৈতে দেশখনৰ স্বাস্থ্যৰ সম্বন্ধে দ্বি-পাক্ষিক সম্পৰ্ক স্থাপন হ’ব ৷