আৰক্ষীৰে বিতৰ্কত লিপ্ত এগৰাকী স্কুটী আৰোহীৰ ভিডিঅ’ই এতিয়া তোলপাৰ লগাইছে ছ’চিয়েল মিডিয়াত ৷
৭ মাৰ্চৰ দিনা ঘটনাটো সংঘটিত হৈছিল কৰ্ণাটকৰ মাণ্ডয়া নগৰত ৷
ট্ৰেফিক আইন অমান্য কৰি ন’ পাৰ্কিং স্থানত স্কুটী ৰাখিছিল যুৱতীগৰাকীয়ে ৷
আৰক্ষীয়ে স্কুটীখন জব্দ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰোতেই মহিলা উপ-পৰিদৰ্শকৰে বিতৰ্কত লিপ্ত হয় যুৱতীগৰাকী ৷
স্কুটীখন দিবলৈ অমান্তি হোৱাৰ বাবে আৰক্ষী আৰু যুৱতীগৰাকী বাক-বিতণ্ডাত লিপ্ত হয় ৷
যুৱতীগৰাকীয়ে উচ্চ স্বৰত গালি-গালাজ কৰে আৰক্ষীক ৷
লগে লগেই ভাইৰেল হৈ পৰে ভিডিঅ’ টো ৷
নাৰী দিৱসৰ এদিন পূৰ্বে ঘটা ঘটনাটোক বহুতেই নাৰী দিৱসৰ দিনা বিতৰ্কিত ৰূপ দি বহুলভাৱে শ্বেয়াৰ কৰিলে ৷
আৰক্ষী থানালৈ যুৱতীগৰাকীক লৈ যোৱাত কম বয়সৰ হোৱা বাবে আৰক্ষীয়েও ঘটনা সন্দৰ্ভত গোচৰ ৰুজু নকৰাকৈ এৰি দিয়াৰ অনুমতি দিয়ে ৷
कर्नाटक के मांडया में नो पार्किंग एरिया में स्कूटी खड़ी करने वाली लड़की की पुलिस के साथ बहस हो गई. इसी बीच एक महिला पुलिसकर्मी ने उसे तमाचा जड़ दिया और उस घटना का ये वीडियो खूब वायरल हो रहा है. हालांकि पुलिस ने बिना कार्रवाई किए लड़की को छोड़ दिया. #Karnatakapolice #mandya pic.twitter.com/GB2CTkOW6D
— Parvez Sagar (@itsparvezsagar) March 9, 2021
photo: google