১৪ মে’ৰ পৰা দৰ্শনাৰ্থীৰ বাবে পুনৰ মুকলি হ’ব কেডাৰনাথ, বদ্ৰীনাথ, গংগোত্ৰী আৰু যমুনোত্ৰী ধাম ৷
বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে উত্তৰাখণ্ড চাৰ ধাম দেৱস্থানম মেনেজমেণ্ট ব’ডে ৷
বিগত বৰ্ষৰ ১৬ নবেম্বৰৰ পৰা অত্যাধিক তুষাৰ পাতৰ প্ৰতি লক্ষ্য ৰাখি দৰ্শনাৰ্থীৰ বাবে বন্ধ কৰি দিয়া হৈছিল কেডাৰনাথ মন্দিৰ ৷
১৭ মে’ৰ পুৱা ৫ বজাৰ পৰাই ভক্তই পুনৰ দৰ্শন কৰিব পাৰিব কেডাৰনাথ মন্দিৰ ৷
আনহাতে ১৮ মে’ত ভক্তৰ বাবে মুকলি কৰা হ’ব বদ্ৰীনাথ ধাম আৰু ইয়াৰ পূৰ্বে ১৪ মে’ৰ পৰা মুকলি হ’ব গংগোত্ৰী আৰু যমুনোত্ৰী মন্দিৰ ৷
উল্লেখ্য, কেডাৰনাথ, বদ্ৰীনাথ, গংগোত্ৰী আৰু যমুনোত্ৰী ধাম মুকলি কৰাৰ পিছতেই আৰম্ভ হ’ব এই বৰ্ষৰ চাৰি ধাম যাত্ৰা ৷
photo: google