আজি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠত CAA সন্দৰ্ভত শুনানি গ্ৰহণ হ’ব উচ্চতম ন্যায়ালয়ত। তিনিজনীয়া বিচাৰপীঠৰ আন দুই ন্যায়াধীশ হৈছে পি এছ নৰসিংহা আৰু জে বি পাৰ্ডিৱালা।
উল্লেখ্য যে CAA সন্দৰ্ভত অসম সন্মিলীত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে দাখিল কৰিছিল লেখ আবেদন। ২৮ সংগঠনক সহযোগী গোচৰীয়া হিচাপে লৈছিল সন্মিলীত মহাসংঘই। CAA ৰ বিৰোধিতাৰে ২৩২ খন লেখ আবেদন দাখিল হৈ আছে উচ্চতম ন্যায়ালয়ত। আছু, যুৱ ছাত্ৰ পৰিষদকে ধৰি আন সংগঠনেও দাখিল কৰিছিল লেখ আবেদন।
ইতিমধ্যে দিল্লীত উপস্থিত হৈছে আছু, যুৱ ছাত্ৰ পৰিষদ আৰু আন সংগঠনৰ নেতাসকল।