এখন ছুইচাইড নোটে চাঞ্চল্যৰ সৃষ্টি কৰিছে লখ্নৌ চহৰত ৷
এগৰাকী আইপিএচ বিষয়াৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ তুলি আত্মহত্যা যুৱকৰ ৷
ভুৱা গোচৰৰ ভিত্তিত যুৱকজনক জেল-হাজোতলৈ প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ছুইচাইড নোটত ৷
মৃত্যুৰ পূৰ্বে আৰক্ষীক ফোন কৰি হচনগঞ্জৰ ৰে’লৱে ক্ৰচিঙত আত্মহত্যা যুৱকজনৰ ৷
বৰ্তমানৰ আইপিএচ বিষয়া প্ৰাচী সিঙৰ বিৰুদ্ধে এই অভিযোগ আত্মহত্যাকাৰীৰ ৷
বিশাল সৈনী নামৰ যুৱকজন সচিবালয়ত কম্পিউটাৰ অপাৰেটৰ হিচাপে নিযুক্ত আছিল ৷
অভিযোগ অনুসৰি আইপিএচ বিষয়া প্ৰাচী সিঙে ইন্দিৰা নগৰৰ এখন বিউটি চেলুনত এক অভিযান চলাইছিল ৷
অভিযানকালত ৫ গৰাকী মহিলাক গ্ৰেপ্তাৰ কৰাৰ লগতে যুৱকজনকো গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল ৷
পিছলৈ যুৱকজন মানসিকভাৱে অসুস্থ হৈ পৰে ৷
ছুইচাইড নোটত বিশালে উল্লেখ কৰিছে যে মিছা অভিযোগত গ্ৰেপ্তাৰ কৰি তেওঁৰ কেৰিয়াৰ ধ্বংস কৰিছে প্ৰাচী সিঙে ৷
গতিকে তেওঁৰ মৃত্যুৰ বাবে দায়ী প্ৰাচী সিং ৷
ইফালে, ঘটনা সন্দৰ্ভত আৰক্ষী আয়ুক্ত ডি কে সিঙে যুৱকজনৰ অভিযোগ সম্পূৰ্ণৰূপে মিছা বুলি উল্লেখ কৰিছে আৰু ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে বুলিও জনাইছে ৷
photo: google