নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংশয় সত্য প্ৰমাণিত হ’ল ।
দেশত ক’ৰোনাৰ টীকাকৰণ অভিযান আৰম্ভ হোৱাৰ এসপ্তাহ পাৰ নহওঁতেই ক’ভিশ্বিল্ড প্ৰস্তুতকাৰী ভাৰতৰ ছিৰাম ইনষ্টিটিউটৰ টাৰ্মিনেল ১ গেটত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ।
বৃহস্পতিবাৰে দিনৰ ২.৪৫ বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো ।
৫ জন কৰ্মচাৰীৰ মৃত্যু হয় এই বৃহৎ অগ্নিকাণ্ডত ।
বৰ্তমানলৈকে অগ্নিকাণ্ডৰ সূত্ৰপাতৰ কাৰণ জানিব পৰা হোৱা নাই ।
ছিৰাম ইনষ্টিটিউটে জনোৱা অনুসৰি অগ্নিকাণ্ডৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমান বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও ভেকচিনৰ ওপৰত একো প্ৰভাৱ পৰা নাই অগ্নিকাণ্ডৰ ।
এটা নিৰ্মীয়মান বিল্ডিঙত সংঘটিত হয় এই দুৰ্ঘটনাটো ।
ঘটনাস্থলীত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে।
ছিৰাম ইনষ্টিটিউটৰ মুখ্য কাৰ্যবাহী বিষয়া আদৰ পুনাৱালাৰ মতে, সমগ্ৰ দেশত টীকাকৰণ অভিযান আৰম্ভ হোৱাৰ পিছতেই প্ৰস্তুতকাৰী ছিৰাম ইনষ্টিটিউটত এক আনন্দময় পৰিবেশে বিৰাজ কৰিছিল ।
ক’ৰোনা ভেকচিন সন্দৰ্ভত ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়েও আদৰ পুনাৱালাৰ নেতৃত্বত ছিৰাম ইনষ্টিটিউটৰ কৰ্মকৰ্তাসকলে সংবাদমাধ্যমৰ আগত ব্যক্ত কৰে ।
উল্লেখ্য,ছিৰাম ইনষ্টিটিউটে চৰকাৰৰ সৈতে লগ হৈ ভেকচিন বিতৰণৰ প্ৰাৰম্ভিক পদক্ষেপ ইতিমধ্যে গ্ৰহণ কৰিছে যাতে স্বাস্থ্যকৰ্মী, বয়োজেষ্ঠ্য লোক আৰু ৰোগীসকলে প্ৰথমে টীকাকৰণৰ সুবিধা লাভ কৰে ।
photo- google