বিহাৰৰ খগড়িয়াত সংঘটিত হৈছে এক ভয়ংকৰ দলৱদ্ধ ধৰ্ষণকাণ্ড।
এগৰাকী বিবাহিতা মহিলাক দলৱদ্ধ ধৰ্ষণ কৰাৰ লগতে সেই কু-কাণ্ডৰ ভিডিঅ’ প্ৰস্তুত কৰি ভাইৰেল কৰি দিয়ে ছচিয়েল মিডিয়াত।
ভাইৰেল ভিডিঅ’টোৰ কথা খবৰ পোৱা মাত্ৰকেই আৰক্ষীয়ে দ্ৰুতগতিত তদন্ত অভিযান আৰম্ভ কৰি দিয়ে।
ভিডিঅ’টোত প্ৰত্যক্ষ হোৱা ৫ যুৱকৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰি সন্ধান অভিযান আৰম্ভ কৰে।
এই ৫ পাষণ্ডৰ ভিতৰত এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে আন ৪ পাষণ্ডৰ তালাচী অভিযান ইতিমধ্যে আৰম্ভ কৰি দিছে আৰক্ষীয়ে।
আৰক্ষীয়ে জনোৱা অনুসৰি শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ’ব আন অভিযুক্তকেইজনকো।
জানিবলৈ দিয়া অনুসৰি ঘটনাটো সংঘটিত হোৱাৰ ৪ মাহৰ পিছত ছচিয়েল মিডিয়াত ভাইৰেল কৰে এই ভিডিঅ’টো।
আৰক্ষী অধীক্ষক অমিতেশ কুমাৰে জনোৱা অনুসৰি বৰ্তমানলৈ চলোৱা তদন্তত এই ঘটনাটো সত্য বুলি প্ৰমাণিত হৈছে।
কিন্তু ভুক্তভোগী মহিলাগৰাকীয়ে বাৰে বাৰে সলনি কৰি আছে তেওঁৰ ভাষ্য। এই কথা জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে।
ইয়াৰোপৰি তেওঁ ক’লে যে সদৰ এছডিপিঅ আলোক ৰঞ্জনৰ নেতৃত্বত এটা দলে এই ঘটনা সন্দৰ্ভত প্ৰতিটো দিশ তন্নতন্নকৈ তদন্ত চলাই আছে।
ঘটনাটোৰ সত্যতা অতি শীঘ্ৰে পোহৰলৈ অহাৰ সম্ভাৱনা প্ৰকাশ কৰিছে আলোক ৰঞ্জনে।
কিন্তু ভুক্তভোগী মহিলাগৰাকী আৰু তেওঁৰ পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ সন্মুখত কোনোধৰণৰ মন্তব্য প্ৰদান কৰাৰ পৰা বিৰত আছে।
photo Credit: Google