নিউজ ডেস্কঃ শেহতীয়াকৈ এটা বিজ্ঞাপনে সমগ্ৰ ভাৰততে ফলকনি কৰি তুলিছে ৷ বিজ্ঞাপনটো হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাৰাণসীৰ কাৰ্যালয়টো বিক্ৰীৰ বিজ্ঞাপন ৷ বিজ্ঞাপন অনুসৰি প্ৰধানমন্ত্ৰীৰ বাৰণসীৰ কাৰ্যালয়টো ৭.৫কোটি টকাত ওএলএক্স ৰ ৱেবছাইটত বিক্ৰীৰ বাবে প্ৰকাশ পাইছিল ৷ এই ঘটনাৰ সৈতে জৰিত চাৰিজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে এই সন্দৰ্ভত তদন্ত চলাই থকা হৈছে আৰু তাৰ লগতে যিজন লোকে নৰেন্দ্ৰ মোডীৰ বাৰাণসীৰ কাৰ্যালয়টোৰ ছবিখন তুলিছিল তেওঁকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে।