- দৰমহা বাঢ়িল বিধায়কৰ।
- প্ৰায় ১১বছৰৰ অন্তত দৰমহা বাঢ়িব দিল্লী বিধানসভাৰ বিধায়কসকলৰ।
- দিল্লী বিধানসভাই শেহতীয়াকৈ উক্ত প্ৰস্তাৱক মঞ্জুৰী প্ৰদান কৰিছে।
- উল্লেখ্য যে, ২০১৫চনতো দিল্লী চৰকাৰে এই প্ৰস্তাৱ গ্ৰহণ কৰিছিল যদিও কাৰ্যকৰী হোৱা নাছিল।
- এতিয়াৰে পৰা দিল্লীৰ বিধায়কসকলে মূল বেতন পূৰ্বৰ ১২হাজাৰ টকাৰ বিপৰীতে লাভ কৰিব ২০হাজাৰ টকা।
- সকলো ভাট্টা মিলাই এতিয়াৰে পৰা বিধায়কসকলে ৯০হাজাৰ টকা মাহিলী লাভ কৰিব।
- বিধায়কসকলে পূৰ্বে লাভ কৰিছিল ৫৪হাজাৰ টকা।
- উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০১১চনত দিল্লীৰ বিধায়কসকলৰ দৰমহা বৃদ্ধি কৰা হৈছিল।