নিউজ ডেস্কঃ কৃষি আইনৰ বিৰুদ্ধে কৃষক সকলে ২৯ দিনৰো অধিক দিন হ’ল আন্দোলন অব্যাহত ৰখা ৷ দিল্লীৰ সীমান্তৱৰ্তী এলেকাত আন্দোলনৰত কৃষকৰ সমৰ্থনত আৰু ২০ হাজাৰ কৃষকৰ এটা বৃহৎ দলে দিল্লীৰ অভিমুখে যাত্ৰা কৰিব। উল্লেখযোগ্য যে বৃহস্পতিবাৰে কৃষাণ সেনা নামৰ সংগঠনটোৱে এই কথা ঘোষণা কৰি কয় যে কেন্দ্ৰীয় চৰকাৰ তিনিখন কৃষি আইন বাতিলৰ দাবীত দিল্লীৰ সীমান্তৱৰ্তী অঞ্চলসমূহত আন্দোলনৰত কৃষকৰ সমৰ্থনত উত্তৰ প্ৰদেশৰ পৰা ২০ হাজাৰৰো অধিক কৃষকে যাত্ৰা আৰম্ভ কৰিব। লগতে কৃষাণ সেনাৰ আহ্বায়ক ঠাকুৰ গৌৰী শংকৰ সিঙে এইবুলিও কয় যে উত্তৰ প্ৰদেশৰ পৰা দিল্লীলৈ সমদল কৰি যাবলৈ যাৱতীয় অনুমতিৰ বাবে সংগঠনটোৱে ইতিমধ্যে লিখিতভাৱে নিৰ্দিষ্ট কৰ্তৃপক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে। এতিয়ালৈকে সংগঠনটোক কৰ্তৃপক্ষই কোনো প্ৰত্যুত্তৰ দিয়া নাই।
উল্লেখ্য, যিকোনো বিমিনয়ত সংগঠনটোৰ ২০ হাজাৰৰো অধিক কৃষকে দিল্লীৰ কৃষক বিদ্ৰোহৰ সমৰ্থনত কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰক সাক্ষাৎ কৰিবলৈ যাব ৷