মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ৷ যেতিয়া মই ‘মন কী বাত’ত কথা পাতো তেতিয়া মোৰ এনে অনুভৱ হয় যেন মই আপোনালোকৰ মাজৰে এজন, আপোনালোকৰ পৰিয়ালৰ সদস্য হিচাপে উপস্থিত আছো৷ আমাৰ সৰু সৰু কথা, যি এজনে আনজনক শিকায়, জীৱনৰ তিতা-কেঁহা অনুভৱ যি জীৱনৰ প্ৰেৰণা হৈ পৰে- এয়াইতো হ’ল ‘মন কী বাত’৷
আজি ২০২১ চনৰ জানুৱাৰী মাহৰ অন্তিমটো দিন৷ আপোনালোকেও মোৰ দৰে এইদৰে ভাবিছে নে যে কিছুদিন আগেয়েহে জানুৱাৰীৰ প্ৰথম দিনটো আৰম্ভ হৈছিল৷ গমেই নাপালো যে জানুৱাৰী মাহটো পাৰ হৈ গ’ল- সময়ৰ গতি ইয়াকেই কোৱা হয়৷ কিছু দিনৰ আগেয়ে আমি এজনে আনজনক শুভেচ্ছা জ্ঞাপন কৰিছিলো, লোহৰী পালন কৰিলো, মকৰ সংক্ৰান্তি পালন কৰিলো, পোংগল, বিহু পালন কৰিলো৷
দেশৰ বিভিন্ন প্ৰান্তত ধুম-ধামেৰে উৎসৱ পালন কৰা হ’ল৷ ২৩ জানুৱাৰী তাৰিখে আমি নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিনটো ‘পৰাক্ৰম দিৱস’ হিচাপে পালন কৰিলো আৰু ২৬ জানুৱাৰী তাৰিখে ‘গণতন্ত্ৰ দিৱস’ৰ অতুলনীয় পেৰেডো প্ৰত্যক্ষ কৰিলো৷ ৰাষ্ট্ৰপতি মহোদয়ৰ সংসদৰ সংযুক্ত অধিৱেশনৰ সম্বোধনৰ পিছত ‘বাজেট অধিৱেশনো’ আৰম্ভ হ’ল৷
এই আটাইবোৰৰ মাজত আৰু এটা কাম সম্পন্ন হ’ল যাৰ বাবে আমি সকলোৱে দীৰ্ঘ প্ৰতীক্ষিত হৈ থাকো- সেয়া হ’ল পদ্ম পুৰষ্কাৰৰ ঘোষণা৷ দেশে অসাধাৰণ কাৰ্যৰত লোকক তেওঁলোকৰ সিদ্ধি আৰু মানৱতাৰ প্ৰতি তেওঁলোকৰ অৱদানৰ বাবে সন্মানিত কৰে৷ এই বছৰো পুৰষ্কাৰ পোৱা লোকসমূহৰ ভিতৰত সেই সকলৰ নাম অন্তৰ্ভুক্ত আছে যিয়ে বিভিন্ন ক্ষেত্ৰত উন্নত কাম কৰিছে আৰু নিজৰ কামৰ দ্বাৰা অন্যৰ জীৱন পৰিৱৰ্তিত কৰিছে, দেশক আগুৱাই নিছে৷ অৰ্থাৎ তৃণমূল পৰ্যায়ত কাম কৰা এই অজানা নায়কসকলক পদ্ম সন্মান প্ৰদান কৰাৰ যি পৰম্পৰা দেশে কিছু বৰ্ষ পূৰ্বে আৰম্ভ কৰিছিল সেয়া এইবাৰো অব্যাহত ৰখা হৈছে৷ মই আপোনালোক সকলোলৈ আহ্বান জনাইছো যে এই লোকসকলৰ বিষয়ে, তেওঁলোকৰ অৱদানৰ বিষয়ে নিশ্চয়কৈ জানক, পৰিয়ালত তেওঁলোকৰ বিষয়ে আলোচনা কৰক৷ ইয়াৰ দ্বাৰা সকলোৱে অনুপ্ৰাণিত হ’ব৷
এই মাহটোত ক্ৰিকেটৰ পথাৰৰ পৰাও ভাল খবৰ পোৱা হৈছে৷ আমাৰ ক্ৰিকেট দলে আৰম্ভণিতে হোৱা সমস্যাৰ পিছত অতুলনীয় প্ৰদৰ্শনেৰে অষ্ট্ৰেলিয়াত ছিৰিজ জয় কৰিলে৷ আমাৰ খেলুৱৈসকলৰ কঠোৰ পৰিশ্ৰম আৰু টীমৱৰ্ক সঁচাকৈয়ে প্ৰেৰণাদায়ী৷ ইয়াৰ মাজতে দিল্লীত ২৬ জানুৱাৰীত ত্ৰিৰংগাৰ অপমান দেখি দেশবাসীয়ে দুখো পালে৷ আমি আগন্তুক সময়ছোৱা নতুন আশা আৰু নৱীনতাৰে পূৰ্ণ কৰিব লাগিব৷ আমি যোৱা বছৰ অসাধাৰণ সংযম আৰু সাহসৰ পৰিচয় দিলো৷ এই বছৰো আমি অধিক পৰিশ্ৰম কৰি নিজৰ সংকল্পসমূহ সিদ্ধ কৰিব লাগিব৷ আমি আমাৰ দেশক ক্ষীপ্ৰ গতিৰে আগুৱাই নিব লাগিব৷
মোৰ মৰমৰ দেশবাসীসকল, এই বছৰৰ আৰম্ভণিতেই ক’ৰোনাৰ বিৰুদ্ধে আমাৰ যুদ্ধখনেও প্ৰায় এবছৰ অতিক্ৰম কৰিলে৷ যিদৰে ক’ৰোনাৰ বিৰুদ্ধে ভাৰতৰ যুদ্ধ এক উদাহৰণলৈ ৰূপান্তৰিত হৈছে ঠিক সেইদৰে এতিয়া আমাৰ টীকাকৰণ কাৰ্যসূচীও বিশ্বত এক আদৰ্শ হিচাপে বিবেচিত হৈছে৷ আজি ভাৰতে বিশ্বৰ সবাতোকৈ বৃহৎ ক’ভিড টীকাকৰণ কাৰ্যসূচী প্ৰণয়ন কৰিছে৷ আপোনালোকে জানে, ইয়াতকৈ গৌৰৱৰ কথা আৰু কি হ’ব পাৰে? আমি সবাতোকৈ বৃহৎ প্ৰতিষেধক কাৰ্যসূচীৰ সৈতে বিশ্বত সবাতোকৈ ক্ষীপ্ৰতাৰে নিজৰ নাগৰিকসমূহৰো টীকাকৰণ কৰি আছো৷ কেৱল ১৫ দিনতেই ভাৰতে ৩০ লাখতকৈও অধিক ক’ৰোনা যোদ্ধাৰ টীকাকৰণ কৰিছে৷ আনহাতে আমেৰিকাৰ দৰে সমৃদ্ধ দেশত এই কামত সময়ৰ প্ৰয়োজন হৈছে ১৮ দিনৰ আৰু ব্ৰিটেইনৰ ৩৬ দিনৰ৷
বন্ধুসকল, ‘মেড-ইন ইণ্ডিয়া ভেকচিন’ আজি ভাৰতৰ আত্মনিৰ্ভৰতাৰ প্ৰতীক হৈ উঠাৰ লগতে আত্মগৌৰৱৰো প্ৰতীক হৈ উঠিছে৷ নমো এপত উত্তৰ প্ৰদেশৰ পৰা হিমাংশু যাদৱে লিখিছে যে ‘মেড ইন ইণ্ডিয়া ভেকচিন’ৰ দ্বাৰা মনত এক নতুন আত্মবিশ্বাসৰ সৃষ্টি হৈছে৷ মাডুৰাইৰ পৰা কীৰ্তিজীয়ে লিখিছে যে তেওঁৰ বহু বিদেশী বন্ধুৱে ভাৰতলৈ ধন্যবাদ জ্ঞাপন কৰি তেওঁলৈ বাৰ্তা প্ৰেৰণ কৰিছে৷ কীৰ্তিজীৰ এগৰাকী বন্ধুৱে লিখিছে যে ভাৰতে যি ধৰণে ক’ৰোনাৰ বিৰুদ্ধে যুদ্ধত বিশ্বক সহায় কৰিছে তাৰ জৰিয়তে তেওঁৰ মনত ভাৰতৰ বাবে সন্মান অধিক বৃদ্ধি হৈছে৷ কীৰ্তিজী, দেশৰ এই গৌৰৱগান শুনি ‘মন কী বাত’ৰ শ্ৰোতাসকলো গৌৰৱান্বিত হয়৷ আজকালি মইও বিভিন্ন দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা ভাৰতৰ বাবে এনে বিভিন্ন বাৰ্তা লাভ কৰো৷ আপোনালোকেও দেখিছে, অলপতে ব্ৰাজিলৰ ৰাষ্ট্ৰপতিয়ে টুইট কৰি যিদৰে ভাৰতক ধন্যবাদ জ্ঞাপন কৰিছে, সেয়া দেখি প্ৰত্যেক ভাৰতীয় কিমান সুখী হৈছে৷ সহস্ৰ কিলোমিটাৰ দূৰৰ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে ৰামায়ণৰ সেই প্ৰসংগ ইমান গভীৰতাৰে জানে, তেওঁলোকৰ মনত গভীৰ প্ৰভাৱ পৰিছে- এয়াই আমাৰ সংস্কৃতিৰ বৈশিষ্টতা৷
বন্ধুসকল, এই প্ৰতিষেধক কাৰ্যসূচীত আপোনালোকে আন এটা কথাত বিশেষভাৱে ধ্যান দিছে বোধহয়৷ সংকটৰ সময়ত ভাৰতে বিশ্বক এইবাবেই সেৱা প্ৰদান কৰিবলৈ সমৰ্থ হৈছে কিয়নো ভাৰত আজি ঔষধ আৰু প্ৰতিষেধকৰ ক্ষেত্ৰত সক্ষম আৰু আত্মনিৰ্ভৰ হৈ উঠিছে৷ এই চিন্তাধাৰাই আত্মনিৰ্ভৰ ভাৰতৰ অভিযান হিচাপে সিদ্ধ হৈ উঠিছে৷ ভাৰত যিমানেই সক্ষম হৈ উঠিব সিমানেই অধিক মানৱতাৰ সেৱা কৰিব আৰু সিমানেই লাভ বিশ্বৰো হ’ব৷
মোৰ মৰমৰ দেশবাসীসকল, প্ৰতিবাৰেই আপোনালোকৰ বহু পত্ৰ লাভ কৰো, নমো এপ আৰু মাই গভত আপোনালোকৰ বাৰ্তা, ফোন কলৰ জৰিয়তে আপোনালোকৰ মনৰ কথাসমূহ জানিবলৈ সুবিধা পাও৷ এই বাৰ্তাসমূহৰ মাজত এনে এক বাৰ্তাও আছে যি মোৰ দৃষ্টিগোচৰ হৈছে- এই বাৰ্তা হ’ল ভগ্নী প্ৰিয়ংকা পাণ্ডেজীৰ৷ ২৩ বৰ্ষীয় প্ৰিয়ংকাজী হিন্দী সাহিত্যৰ বিদ্যাৰ্থী আৰু বিহাৰৰ ছিৱানৰ বাসিন্দা৷ প্ৰিয়ংকাজীয়ে নমো এপত লিখিছে যে তেওঁ দেশৰ ১৫টা ঘৰুৱা পৰ্যটনস্থলীলৈ যোৱাৰ মোৰ পৰামৰ্শৰ দ্বাৰা অত্যন্ত অনুপ্ৰেৰিত হৈছে৷ সেয়ে তেওঁ এক জানুৱাৰী তাৰিখে এক বিশেষ স্থানলৈ যাত্ৰা কৰিছিল৷ সেই ঠাইডোখৰ হ’ল তেওঁৰ ঘৰৰ পৰা ১৫ কিলোমিটাৰ দূৰৈৰ, দেশৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ডাঃ ৰাজেন্দ্ৰ প্ৰসাদৰ পৈতৃক ঘৰ৷ প্ৰিয়ংকাজীয়ে অতি সুন্দৰকৈ লিখিছে যে নিজৰ দেশৰ মহান বিভূতিসকলক জনাৰ ক্ষেত্ৰত এয়া তেওঁৰ প্ৰথমটো পদক্ষেপ আছিল৷ প্ৰিয়ংকাজীয়ে তাত ডাঃ ৰাজেন্দ্ৰ প্ৰসাদৰ দ্বাৰা ৰচিত বহু গ্ৰন্থ লাভ কৰিলে,অনেক ঐতিহাসিক ছবি দেখা পালে৷ তেওঁ এখন ছবিৰ বিষয়ে জনাইছে য’ত পূজ্য বাপুই ৰাজেন্দ্ৰজীৰ ঘৰলৈ আহিছিল৷ সঁচাকৈয়ে, প্ৰিয়ংকাজী, আপোনাৰ এই অনুভৱে আনকো অনুপ্ৰেৰিত কৰিব৷
বন্ধুসকল, এই বছৰটোত ভাৰতে নিজৰ স্বাধীনতাৰ ৭৫তম বৰ্ষৰ সমাৰোহ- অমৃত মহোৎসৱ আৰম্ভ কৰিবলৈ ওলাইছে৷ এনে ক্ষেত্ৰত আমাৰ সেই মহানায়কসকলৰ সৈতে জড়িত স্থানীয় ঠাইসমূহৰ সন্ধান কৰাটো অতিশয় উচিত সময় হৈছে যাৰ বাবে আমি স্বাধীনতা লাভ কৰিলো৷
বন্ধুসকল, আমি স্বাধীনতা আন্দোলন আৰু বিহাৰৰ বিষয়ে কথা কৈ থকাৰ সময়তে নমো এপলৈ অহা আৰু এটা টিপ্পনীৰ বিষয়ে আলোচনা কৰিবলৈ বিচাৰিছো৷ মুংগেৰ নিবাসী জয়ৰাম বিপ্লৱজীয়ে মোলৈ তাৰাপুৰ শ্বহীদ দিৱসৰ বিষয়ে লিখিছে৷ ১৫ ফেব্ৰুৱাৰী ১৯৩২ চনত দেশভক্তৰ এটা দলৰ বহু বীৰ যুৱকক ইংৰাজসকলে নিৰ্মমভাৱে হত্যা কৰে৷ তেওঁলোকৰ একমাত্ৰ অপৰাধ এয়াই আছিল যে তেওঁলোকে ‘বন্দে মাতৰম’ আৰু ‘ভাৰত মাৰ জয়’ ধ্বনি দিছিল৷ মই সেই শ্বহীদসকললৈ সেৱা জনাইছো আৰু তেওঁলোকৰ শ্ৰদ্ধাপূৰ্বক স্মৰণ কৰিছো৷ মই জয়ৰাম বিপ্লৱজীকো ধন্যবাদ জনাবলৈ বিচাৰিছো৷ তেওঁ এনে এক ঘটনা পোহৰলৈ আনিছে যাৰ বিষয়ে অতিশয় কম চৰ্চা হৈছে৷
মোৰ মৰমৰ দেশবাসীসকল, ভাৰতৰ প্ৰতিটো প্ৰান্তত, প্ৰতিখন চহৰত, প্ৰতিটো চুবুৰী আৰু গাঁৱত স্বাধীনতাৰ যুদ্ধ সম্পূৰ্ণ শক্তিৰে কৰা হৈছিল৷ ভাৰত ভূমিৰ প্ৰতিটো কোণত এনে মহান বীৰ আৰু বীৰাংগনাসকলে জন্ম লৈছিল যিয়ে ৰাষ্ট্ৰৰ বাবে নিজৰ জীৱন ত্যাগ কৰিছিল৷ এনে ক্ষেত্ৰত আমাৰ বাবে এয়া অতিশয় গুৰুত্বপূৰ্ণ যে তেওঁলোকৰ সেই সংঘৰ্ষ আৰু তেওঁলোকৰ সৈতে জড়িত সেই স্মৃতিসমূহ সংৰক্ষিত কৰি, তেওঁলোকৰ বিষয়ে লিখি আমি আমাৰ আগন্তুক প্ৰজন্মলৈ যাতে সাঁচি ৰাখিব পাৰো৷ মই সকলো দেশবাসীক আৰু বিশেষকৈ আমাৰ যুৱ সতীৰ্থসকললৈ আহ্বান জনাইছো যে তেওঁলোকে দেশৰ স্বতন্ত্ৰতা সেনানীসকলৰ বিষয়ে, স্বাধীনতাৰ সৈতে জড়িত ঘটনাসমূহৰ বিষয়ে যাতে লিখে৷ নিজৰ এলেকাৰ স্বতন্ত্ৰতা সংগ্ৰামৰ সময়ৰ বীৰত্বৰ সৈতে জড়িত গাঁথাসমূহৰ বিষয়ে কিতাপ লিখিব পাৰে৷ ভাৰতে নিজৰ ৭৫তম স্বতন্ত্ৰতা দিৱস পালন কৰাৰ সময়ত আপোনালোকৰ লেখনী স্বাধীনতাৰ নায়কসকলৰ প্ৰতি উত্তম শ্ৰদ্ধাঞ্জলি হিচাপে বিবেচিত হ’ব৷ যুৱ লেখকসকলৰ বাবে ইণ্ডিয়া চেভেন্টি ফাইভৰ নিমিত্তে এক পদক্ষেপৰ সূচনা কৰা হৈছে৷ ইয়াৰ দ্বাৰা সকলো ৰাজ্যৰ তথা ভাষা-ভাষী যুৱ লেখকসকল উৎসাহিত হ’ব৷ দেশত বৃহৎ সংখ্যাত এনে বিষয়ত লেখা লেখকৰ সৃষ্টি হ’ব যাৰ ভাৰতৰ ঐতিহ্য আৰু সংস্কৃতিৰ ওপৰত গভীৰ অধ্যয়ন থাকিব৷ আমি এনে অংকুৰিত প্ৰতিভাসমূহক সহায় কৰিব লাগিব৷ ইয়াৰ জৰিয়তে ভৱিষ্যতৰ দিশ নিৰ্ধাৰণ কৰা মননশীল নেতৃত্বৰ এটা শ্ৰেণীৰো সৃষ্টি হ’ব৷ মই আমাৰ যুৱ বন্ধুসকলক এই পদক্ষেপৰ অংশীদাৰ হ’বলৈ আৰু নিজৰ সাহিত্যিক কৌশল অধিক বিকশিত কৰিবলৈ আমন্ত্ৰণ জনাইছো৷ ইয়াৰ সৈতে জড়িত তথ্যসমূহ শিক্ষা মন্ত্ৰালয়ৰ ৱেবছাইটত উপলব্ধ হ’ব৷
মোৰ মৰমৰ দেশবাসীসকল, ‘মন কী বাত’ত শ্ৰোতাসকলে কি ভাল পায় সেয়া আপোনালোকেই ভালদৰে জানে৷ কিন্তু ‘মন কী বাত’ত মোৰ আটাইতকৈ ভাল এয়াই লাগে যে ইয়াত কিবা এটা জনাৰ-শিকাৰ সুযোগ পোৱা যায়৷ এক প্ৰকাৰে পৰোক্ষ ৰূৰত আপোনালোক সকলোৰে সৈতে জড়িত হোৱাৰ অৱকাশ লাভ কৰো৷ কাৰোবাৰ প্ৰয়াস, কাৰোবাৰ উদ্দীপনা, কাৰোবাৰ দেশৰ বাবে কিবা এটা কৰাৰ উৎসাহ- এই আটাইবোৰে মোক অনুপ্ৰেৰিত কৰে, শক্তিৰে ভৰাই তোলে৷
হায়দৰাবাদৰ বোয়িনপল্লীত এখন স্থানীয় বজাৰে কিদৰে নিজৰ দায়িত্ব পালন কৰি আছে সেয়া দেখি মোৰ খুব ভাল লাগিছে৷ আমি সকলোৱে দেখা পাইছো যে শাক-পাচলিৰ বজাৰত বহু সামগ্ৰী নষ্ট হয়৷ এই শাক-পাচলিসমূহ ইফালে-সিফালে গৈ লেতেৰা হয়৷ কিন্তু বোয়িনপল্লীৰ শাক-পাচলিৰ বজাৰখনে এয়া সিদ্ধান্ত গ্ৰহণ কৰিলে যে ইয়াৰ দ্বাৰা বিদ্যুৎ উৎপাদন কৰা হ’ব৷ এইসমূহ ইফালে-সিফালে দলিওৱা নহ’ব৷ নষ্ট হোৱা শাক-পাচলিৰ পৰা বিদ্যুৎ উৎপাদন কৰাৰ কথা বোধহয় আপোনালোকে শুনা নাছিল- এয়াই উদ্ভাৱনৰ শক্তি৷ বোয়িনপল্লীৰ বজাৰৰ যি পূৰ্বে আৱৰ্জনা আছিল আজি সেয়া সম্পদলৈ পৰিৱৰ্তিত হৈছে- ইয়াকেই আৱৰ্জনাৰ পৰা মুকুতালৈ পৰিৱৰ্তিত হোৱা বুলি কোৱা হয়৷ প্ৰতিদিনে তাত ১০ টন আৱৰ্জনাৰ সৃষ্টি হয় আৰু এটা স্থানত একত্ৰিত কৰা হয়৷ সেই স্থানটোৰ পৰা প্ৰতিদিনে ৫০০ ইউনিট বিদ্যুৎ উৎপাদন কৰা হয় আৰু প্ৰায় ৩০ কিলোৱাট জৈৱ ইন্ধনো প্ৰস্তুত কৰা হয়৷ এই বিদ্যুতৰ পৰাই বজাৰখনত বিদ্যুতৰ যোগান ধৰা হয় আৰু যি জৈৱ ইন্ধন প্ৰস্তুত কৰা হয় তাৰ জৰিয়তে বজাৰখনৰ কেণ্টিনৰ খাদ্য প্ৰস্তুত কৰা হয়৷ নহয়নে ই অসাধাৰণ প্ৰয়াস! এনেকুৱা এক অসাধাৰণ প্ৰয়াস হাৰিয়ানাক পঞ্চকুলাৰ বড়ৌত পঞ্চায়তেও কৰি দেখুৱাইছে৷ এই পঞ্চায়তৰ ক্ষেত্ৰখনত পানীৰ সমস্যা আছিল৷ ফলত দুষিত পানী ইফালে-সিফালে বিয়পি পৰিছিল, ৰোগৰ সৃষ্টি হৈছিল৷ কিন্তু বড়ৌতৰ জনসাধাৰণে এই দুষিত পানীৰ পৰাও সম্পদ সৃষ্টি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে৷ গাঁও পঞ্চায়তে সমগ্ৰ গাঁৱৰ পৰা অহা লেতেৰা পানী এটা স্থানত একত্ৰিত কৰি পৰিশোধন কৰা আৰম্ভ কৰিলে আৰু সেই পানী গাঁৱৰ কৃষকে জলসিঞ্চনৰ বাবে ব্যৱহাৰ কৰিবলৈ ধৰিলে৷ অৰ্থাৎ পানী প্ৰদুষণ, লেতেৰা আৰু বেমাৰৰ পৰা মুক্তিও লাভ কৰিলে আৰু খেতিৰ বাবে পানীৰো যোগাৰ হ’ল৷
বন্ধুসকল, পৰিবেশৰ সুৰক্ষাৰ জৰিয়তে কিদৰে আমদানীৰ পথ মুকলি হয় ইয়াৰ এক উদাহৰণ অৰুণাচল প্ৰদেশৰ টাৱাঙত দেখিবলৈ পোৱা গৈছে৷ অৰুণাচল প্ৰদেশৰ এই পাহাৰীয়া এলেকাত শতিকাজুৰি ‘মোন শুগু’ নামৰ এক কাগজ প্ৰস্তুত কৰা হয়৷ এই কাগজ ইয়াৰ স্থানীৰ শুগু শেংগ নামৰ এক উদ্ভিদৰ চালৰ পৰা প্ৰস্তুত কৰা হয় আৰু সেইবাবে এই কাগজ প্ৰস্তত কৰিবলৈ গোটেই বৃক্ষডাল কাটিবলগীয়া নহয়৷ তাৰোপৰি ইয়াক প্ৰস্তুত কৰাৰ সময়ত কোনো ৰসায়নৰো ব্যৱহাৰ নহয়৷ অৰ্থাৎ এই কাগজ সম্পূৰ্ণৰূপে পৰিবেশৰ বাবেও সুৰক্ষিত আৰু স্বাস্থ্যৰ বাবেও সুৰক্ষিত৷ এটা সময় আছিল যেতিয়া কাগজৰ ৰপ্তানি কৰা হৈছিল৷ কিন্তু আধুনিক প্ৰযুক্তিৰে নিৰ্মিত কাগজৰ বাবে এই থলুৱা কৃষ্টি বন্ধ হোৱাৰ উপক্ৰম হৈছে৷ এতিয়া স্থানীয় সামাজিক কৰ্মী কলিংগ গোম্বুৱে এই কলা পুনৰ্জীৱিত কৰাৰ প্ৰসায় কৰিছে আৰু ইয়াৰ দ্বাৰা আদিবাসী ভাই-ভনীসকলৰ ৰোজগাৰো সৃষ্টি হৈছে৷
মই কেৰালাৰ আৰু এটা বাতৰি পাইছো যিয়ে আমাৰ সকলোৰে দ্বায়িত্বৰ অনুভৱ কৰাইছে৷ কেৰালাৰ কোট্টয়মত এজন বয়সস্থ দিব্যাংগ লোক আছে- তেওঁৰ নাম এন এছ ৰাজপ্পন৷ ৰাজপ্পনজীয়ে পেৰালাইছিছৰ ফলত চলা-ফুৰা কৰিবলৈ অসুবিধা পায় কিন্তু ইয়াৰ দ্বাৰা স্বচ্ছতাৰ প্ৰতি তেওঁৰ সমৰ্পণৰ ভাৱ কোনো ধৰণে কম হোৱা নাই৷ তেওঁ বিগত কেইবা বৰ্ষৰ পৰা নাৱত বেম্বনাড জুৰিলৈ যায় আৰু জুৰিলৈ দলিওৱা প্লাষ্টিকৰ বটল তোলে৷ চিন্তা কৰক, ৰাজপ্পনজীৰ চিন্তাধাৰা কিমান উচ্চখাপৰ৷ আমিও ৰাজপ্পনজীৰ পৰা অনুপ্ৰেৰিত হৈ স্বচ্ছতাৰ বাবে য’তদূৰ সম্ভৱ অৱদান আগবঢ়াব লাগে৷
মোৰ মৰমৰ দেশবাসীসকল, কিছুদিন পূৰ্বে আপোনালোকে দেখিছে যে আমেৰিকাৰ ছেন ফ্ৰেন্সিস্ক’ৰ পৰা বেংগালুৰুলৈ এখন নন-ষ্টপ বিমানৰ দায়িত্ব ভাৰতৰ চাৰিগৰাকী মহিলা পাইলটে চম্ভালিছে৷ দহ হাজাৰ কিলোমিটাৰতকৈও অধিক দূৰত্বৰ এই দীৰ্ঘ যাত্ৰা অতিক্ৰম কৰি এই বিমানে দুশতকৈও অধিক যাত্ৰীক ভাৰতলৈ লৈ আহিছে৷ আপোনালোকে এইবাৰৰ ২৬ জানুৱাৰীৰ পেৰেডতো মন কৰিছে য’ত ভাৰতীয় বায়ু সেনাৰ দুগৰাকী মহিলা বিষয়াই নতুন ইতিহাস ৰচনা কৰিছে৷ ক্ষেত্ৰ যিয়েই নহওক কিয়, দেশৰ মহিলাসকলৰ অংশীদাৰীত্ব বৃদ্ধি পাবলৈ ধৰিছে কিন্তু প্ৰায়েই আমি দেখা পাইছো যে দেশৰ গাঁওসমূহত হোৱা এনে ধৰণৰ পৰিৱৰ্তনৰ বিষয়ে চৰ্চা নহয়৷ সেইবাবে যেতিয়া মই মধ্যপ্ৰদেশৰ জব্বলপুৰৰ এটা খবৰ পঢ়িবলৈ পালো তেতিয়া মই ‘মন কী বাত’ত এই বিষয়ে আলোচনা কৰাটো উচিত বুলি ভাবিলো৷ এই খবৰ অতিশয় প্ৰেৰণাদায়ী৷ জব্বলপুৰৰ চিচগাঁলত কিছুমান আদিবাসী মহিলাই এটা ধানৰ মিলত কাম কৰে৷ ক’ৰোনা বৈশ্বিক মহামাৰীয়ে যিদৰে বিশ্বৰ প্ৰতিজন ব্যক্তিক প্ৰভাৱিত কৰিছে ঠিক সেইদৰে এই মহিলাসকলো প্ৰভাৱিত হ’ল৷ তেওঁলোকৰ ধানৰ মিলৰ কাম বন্ধ হৈ পৰিল৷ স্বাভাৱিকতে তেওঁলোকৰ উপাৰ্জন বন্ধ হ’ল কিন্তু তেওঁলোক নিৰাশ নহ’ল৷ হাৰ নামানিলে৷ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিলে যে তেওঁলোকে ঐক্যৱদ্ধভাৱে ধানৰ মিলৰ কাম আৰম্ভ কৰিব৷ যি মিলত তেওঁলোকে কাম কৰিছিল, সেই মিলৰ মালিকে নিজৰ যন্ত্ৰ বিক্ৰী কৰিবলৈ বিচাৰিছিল৷ সেই সময়ত মীনা ৰাহংডালেজীয়ে আটাইবোৰ মহিলাক একত্ৰিত কৰি ‘আত্মসহায়ক গোট’ গঠন কৰিলে আৰু সকলোৱে জমাধন সংগ্ৰহ কৰিলে৷ ধন কম হোৱাত তেওঁলোকে ‘আজীৱিকা অভিযান’ৰ অধীনত ঋণ ল’লে আৰু এতিয়া চাওক, সেই আদিবাসী মহিলাসকলে সেই ধানৰ মিল ক্ৰয় কৰিলে য’ত তেওঁলোকে পূৰ্বে কাম কৰিছিল৷ আজি তেওঁলোকে নিজৰ ধানৰ মিল চলাই আছে৷ সেই কেইটা দিনতেই এই মিলটোৰ জৰিয়তে তেওঁলোকে তিনি লাখ টকাও উপাৰ্জন কৰিলে৷ এই উপাৰ্জিত ধনৰ জৰিয়তে মীনা জী আৰু তেওঁৰ সহযোগীসকলে বেংকৰ ঋণ পৰিশোধ কৰিলে আৰু নিজৰ ব্যৱসায় সম্প্ৰসাৰিত কৰাৰ প্ৰস্তুতি চলালে৷ ক’ৰোনাই যি পৰিস্থিতিৰ সৃষ্টি কৰিলে, তাৰ বিপৰীতে দেশৰ বিভিন্ন প্ৰান্তত এনে বহু অদ্ভুত কাম হৈছে৷
মোৰ মৰমৰ দেশবাসীসকল, যদি মই আপোনালোকৰ বুন্দেলখণ্ডৰ বিষয়ে কও তেনেহ’লে কোনটো কথা আপোনালোকৰ মনলৈ আহে৷ ইতিহাসপ্ৰেমীসকলে এই অঞ্চলটোক ঝাঁচীৰ ৰাণী লক্ষ্মীবাইৰ সৈতে জড়িত কৰিব৷ আৰু কিছুমান লোকে সুন্দৰ আৰু শান্ত ‘অৰচা’ৰ বিষয়ে ভাবিব৷ কিছুমান লোকে ইয়াৰ অত্যাধিক গৰমৰ বিষয়ে মনত পেলাব৷ কিন্তু এই দিনকেইটাত ইয়াত অন্য এটা কামহে হৈছে যি অতিশয় উৎসাহজনক আৰু ইয়াৰ বিষয়ে নিশ্চয়কৈ জানিব লাগে৷ কেইদিনমান পূৰ্বে ঝাঁচীত এমাহজুৰি সম্পন্ন হোৱা ‘ষ্ট্ৰ’বেৰী উৎসৱ’ আৰম্ভ হৈছে৷ সকলো আচৰিত হৈছে- বুন্দেলখণ্ডত ষ্ট্ৰ’বেৰী! কিন্তু, এয়াই সত্য৷ এতিয়া বুন্দেলখণ্ডত ষ্ট্ৰ’বেৰীকলৈ অনেক উৎসাহ পৰিলক্ষিত হৈছে আৰু ইয়াকলৈ ভূমিকা পালন কৰিছে ঝাঁচীৰ আন এজনী কন্যা গুৰলীন চাওলাই৷ আইনৰ ছাত্ৰী গুৰলীনে প্ৰথমে নিজৰ ঘৰত আৰু পিছত নিজৰ কৃষিভূমিতত ষ্ট্ৰ’বেৰীৰ খেতি কৰি ঝাঁচীতো ইয়াৰ খেতি কৰিব পাৰে বুলি সকলোকে প্ৰত্যয়িত কৰিছে৷ ঝাঁচীৰ ‘ষ্ট্ৰ’বেৰী উৎসৱ’ত Stay At Home concept ত গুৰুত্ব প্ৰদান কৰা হৈছে৷ এই মহোৎসৱৰ জৰিয়তে কৃষক আৰু যুৱচামক নিজৰ ঘৰৰ পিছফালে খালী ঠাইত অথবা চাঁদত টেৰেচ গাৰ্ডেনত ষ্ট্ৰ’বেৰীৰ খেতিৰ বাবে উৎসাহিত কৰা হৈছে৷ নতুন প্ৰযুক্তিৰ জৰিয়তে এনে প্ৰয়াস দেশৰ অন্য প্ৰান্ততো কৰা হৈছে৷ ষ্ট্ৰ’বেৰী পূৰ্বতে পাহাৰত কৰা হৈছিল এতিয়া কচ্ছৰ বালিয়া মাটিতো কৰা হৈছে৷ কৃষকৰ আয় বৃদ্ধি হৈছে৷
বন্ধুসকল, ষ্ট্ৰ’বেৰী উৎসৱৰ দৰে প্ৰয়োগে উদ্ভাৱনৰ সত্বাক প্ৰদৰ্শিত কৰাৰ লগতে আমাৰ দেশত কৃষিখণ্ডত কেনে প্ৰযুক্তিৰ ব্যৱহাৰ হৈছে সেয়াও প্ৰদৰ্শিত কৰে৷
বন্ধুসকল, খেতিক আধুনিক কৰি তোলাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিৱদ্ধ আৰু অনেক পদক্ষেপো গ্ৰহণ কৰিছে৷ চৰকাৰৰ এই প্ৰয়াস আগলৈও অব্যাহত থাকিব৷
মোৰ মৰমৰ দেশবাসীসকল, কিছুদিন পূৰ্বে মই এটা ভিডিঅ’ দেখিছিলো৷ সেই ভিডিঅ’ পশ্চিমবংগৰ পশ্চিম মিদনাপুৰস্থিত ‘নতুন পিংগলা’ গাঁৱৰ এজন চিত্ৰকাৰ চৰমুদিনৰ আছিল৷ তেওঁ প্ৰসন্নতাৰে কৈছিল যে ৰামায়ণৰ কাহিনীৰ ওপৰত অংকন কৰা তেওঁৰ চিত্ৰ দুই লাখ টকাত বিক্ৰী হৈছে৷ ইয়াৰ দ্বাৰা তেওঁৰ গাঁৱৰ বাসিন্দাও সুখী হৈছে৷ এই ভিডিঅ’ চোৱাৰ পিছত মই তেওঁৰ বিষয়ে অধিক জানিবলৈ উৎসুক হ’লো৷ এই পৰিপ্ৰেক্ষিতত মই পশ্চিমবংগৰ সৈতে জড়িত এক সুন্দৰ পদক্ষেপৰ বিষয়ে জানিবলৈ পালো যাক মই আপোনালোকৰ সৈতে বিনিময় কৰিবলৈ বিচাৰিম৷ পৰ্যটন মন্ত্ৰালয়ৰ আঞ্চলিক কাৰ্যালয়ে মাহটো আৰম্ভ হোৱাৰ সময়তেই পশ্চিমবংগৰ গাঁওসমূহত এক ‘Incredible India Weekend Gateway’ মুকলি কৰিলে৷ ইয়াত পশ্চিম মিদনাপুৰ, বাংকুৰা, বীৰভূম, পুৰলিয়া, পূব বৰ্ধমান আদিৰ হস্তশিল্প কলাকাৰসকলে দৰ্শনাৰ্থীসকলৰ বাবে হস্ততাঁত কৰ্মশালাৰ আয়োজন কৰিলে৷ মোক এয়াও কোৱা হৈছে যে ‘Incredible India Weekend Gateway’ ৰ সময়ত হস্তশিল্পৰ যি মুঠ বিক্ৰী হৈছে তাৰ দ্বাৰা কলাকাৰসকলক অধিক উৎসাহিত হৈ পৰিছে৷ সমগ্ৰ দেশ লোকে নতুন নতুন পদ্ধতিৰে আমাৰ কলাসমূহক লোকপ্ৰিয় কৰি তুলিছে৷ ওড়িশাৰ ৰুড়কেল্লাৰ ভাগ্যশ্ৰী চাহুকেই চাওক৷ তেওঁ ইঞ্জিনীয়াৰিঙৰ ছাত্ৰী, কিন্তু বিগত কিছু মাহৰ পৰা তেওঁ পট্টচিত্ৰ শিকিবলৈ আৰম্ভ কৰিছে আৰু ইয়াত নিপুণতাও লাভ কৰিছে৷ কিন্তু আপোনালোকে জানে নে, তেওঁ পেইণ্ট ক’ত কৰিছে- কোমল শিলাত! কোমল শিলাৰ ওপৰত৷ কলেজলৈ যোৱাৰ পথত ভাগ্যশ্ৰীয়ে এই কোমল শিলবোৰ সংগ্ৰহ কৰে আৰু পৰিষ্কাৰ কৰে৷ পিছত তেওঁ নিতৌ দুঘণ্টা এই পাথৰসমূহত পট্টচিত্ৰ শৈলীত ছবি অংকন কৰে৷ তেওঁ এই পাথৰসমূহত ছবি অংকন কৰি নিজৰ বন্ধুক উপহাৰ দিবলৈ ধৰিলে৷ লকডাউনৰ সময়ছোৱাত তেওঁ বটলতো ছবি অংকন কৰিবলৈ আৰম্ভ কৰিলে৷ এতিয়া তেওঁ কলাৰ ওপৰত কৰ্মশালাৰো আয়োজন কৰিছে৷ কিছুদিনৰ পূৰ্বে সুভাষ বাবুৰ জয়ন্তীত ভাগ্যশ্ৰীয়ে পাথৰত তেওঁলৈ অতুলনীয় শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷ মই আগন্তুক ভৱিষ্যতৰ বাবে তেওঁলৈ শুভকামনা জনাইছো৷ কলা আৰু ৰঙৰ জৰিয়তে বহু নতুন কথা শিকিব পাৰি৷ ঝাৰখণ্ডক দুমকাত কৰা এনে এক অনুপম প্ৰয়াসৰ বিষয়ে মোক কোৱা হৈছে৷ ইয়াত মাধ্যমিক বিদ্যালয়ৰ এগৰাকী অধ্যক্ষই শিশুক পঢ়োৱাৰ বাবে গাঁৱৰ দেৱালসমূহ ইংৰাজী আৰু হিন্দী আখৰেৰে অংকিত কৰিলে, লগতে তাত বিভিন্ন চিত্ৰৰেও সজ্বিত কৰিলে৷ ইয়াৰ দ্বাৰা গাঁৱৰ শিশুসকল যথেষ্ট উপকৃত হ’ল৷ মই এনে লোকসকলক অভিনন্দন জনাইছো যিয়ে এনে ধৰণৰ প্ৰয়াস কৰিছে৷
মোৰ মৰমৰ দেশবাসীসকল, ভাৰতৰ পৰা সহস্ৰ কিলোমিটাৰ দূৰৈত, বহু মহাসাগৰ, মহাদ্বীপৰ সিপাৰে এখন দেশ আছে৷ দেশখনৰ নাম হ’ল চিলি৷ ভাৰতৰ পৰা চিলিলৈ যাবলৈ বহু সময় লাগে কিন্তু ভাৰতীয় সংস্কৃতিৰ সুবাস তাত বহু আগৰে পৰা বিয়পি আছে৷ আৰু এটা বিশেষ কথা হ’ল যে তাত যোগাভ্যাস বহু জনপ্ৰিয়৷ আপোনালোকে এয়া জানি ভাল পাব যে চিলিৰ ৰাজধানী ছেন্টিয়াগোত ৩০ত কৈও অধিক যোগ বিদ্যালয় আছে৷ চিলিত আন্তৰ্জাতিক যোগ দিৱসো অধিক উৎসাহেৰে পালন কৰা হয়৷ মোক কোৱা হৈছে যে হাউচ অব ডেপুটিছত ধুমধামেৰে যোগ দিৱস পালন কৰা হয়৷ ক’ৰোনাৰ এই সময়ছোৱাত ৰোগ প্ৰতিৰোধৰ ওপৰত গুৰুত্ব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত যোগৰ শক্তি প্ৰত্যক্ষ কৰি এতিয়া তেওঁলোকে যোগাভ্যাস পূৰ্বতকৈও বৃদ্ধি কৰাত গুৰুত্ব প্ৰদান কৰিছে৷ চিলিৰ কংগ্ৰেছ অৰ্থাৎ তাৰে সংসদে এক প্ৰস্তাৱ গৃহীত কৰিছে৷ তাত ৪ নৱেম্বৰ তাৰিখে ৰাষ্ট্ৰীয় যোগ দিৱস ঘোষণা কৰা হৈছে৷ এতিয়া আপোনালোকে হয়তো ভাবিব পাৰে যে ৪ নৱেম্বৰ তাৰিখটো কিয় বিশেষ? ৪ নৱেম্বৰ ১৯৬২ তাৰিখে চিলিৰ প্ৰথম যোগ সংস্থা হোজে ৰাফাল এষ্ট্ৰাৰাৰ দ্বাৰা স্থাপন কৰা হৈছিল৷ সেই দিনটো ৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰি তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে৷ চিলিৰ সংসদৰ দ্বাৰা এয়া এক বিশেষ সন্মান যাক লৈ ভাৰতীয়সকলে গৌৰৱ কৰিব পাৰে৷ অৱশ্যে চিলিৰ সংসদৰ সৈতে জড়িত আন এটা কথাও আপোনালোকে ভাল পাব৷ চিলিৰ চিনেটৰ উপ ৰাষ্ট্ৰপতিৰ নাম ৰবীন্দ্ৰনাথ কিণ্টেৰাছ হয়৷ তেওঁৰ নাম বিশ্বকবি গুৰুদেৱ ঠাকুৰৰ দ্বাৰা অনুপ্ৰেৰিত হৈ ৰখা হৈছে৷
মোৰ মৰমৰ দেশবাসীসকল, মাই গভত মহাৰাষ্ট্ৰৰ জালনাৰ ডাঃ স্বপ্নীল মন্ত্ৰী আৰু কেৰালাৰ পালক্কৰৰ প্ৰহ্লাদ ৰাজগোপলনে এয়া আগ্ৰহ প্ৰকাশ কৰিছে যে মই ‘মন কী বাত’ত পথ সুৰক্ষাৰ বিষয়েও যাতে উল্লেখ কৰো৷ এই মাহটোত ১৮ জানুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈ আমাৰ দেশত ‘পথ সুৰক্ষা মাহ’ পালন কৰা হৈছে৷ পথ দুৰ্ঘটনা আমাৰ দেশৰেই নহয় বৰঞ্চ সমগ্ৰ বিশ্বৰেই এক চিন্তাৰ বিষয় হৈ পৰিছে৷ আজি ভাৰতত পথ সুৰক্ষাৰ বাবে চৰকাৰৰ সৈতে ব্যক্তিগত আৰু সামূহিক পৰ্যায়ত বহুধৰণৰ প্ৰয়াস কৰা হৈছে৷ জীৱন ৰক্ষাৰ এই প্ৰয়াসসমূহত আমি সকলোৱে সক্ৰিয়ভাৱে অংশীদাৰ হ’ব লাগে৷
বন্ধুসকল, আপোনালোকে মন কৰিছে, Border Road Organisationয়ে যি পথ নিৰ্মাণ কৰে, সেয়া অতিক্ৰম কৰোঁতে আপোনালোকে বিভিন্ন ধৰণৰ শ্ল’গান পৰিলক্ষিত কৰে৷ ‘This is highway not runway’ অথবা ‘Be Mr. Late than Late Mr. এনেধৰণৰ৷ এই শ্ল’গান পথত সাৱধানতা পালন কৰিবলৈ জনসাধাৰণক সজাগতা প্ৰদানৰ বাবে অতিশয় প্ৰভাৱী বিবেচিত হৈছে৷ এতিয়া আপোনালোকেও এনেকুৱা উদ্ভাৱনী শ্ল’গান অথবা খণ্ড বাক্য মাই গভলৈ প্ৰেৰণ কৰিব পাৰে৷ আপোনালোকৰ ভাল শ্ল’গানসমূহো এই অভিযানত ব্যৱহাৰ কৰা হ’ব৷
বন্ধুসকল, পথ সুৰক্ষাৰ বিষয়ে কোৱা সময়ত মই নমো এপত কলকাতাৰ অপৰ্ণা দাসজীৰ এটা পোষ্টৰ বিষয়ে আলোচনা কৰিবলৈ বিচাৰিছো৷ অপৰ্ণাজীয়ে মোক ‘FASTag’ Programme’ৰ বিষয়ে কোৱাৰ বাবে পৰামৰ্শ দিছে৷ তেওঁ কৈছে যে ‘ফাষ্ট টেগ’ত যাত্ৰা কৰি তেওঁৰ অভিজ্ঞতা পৰিৱৰ্তন হৈছে৷ ইয়াৰ দ্বাৰা সময় ৰাহি হোৱাৰ লগতে টোল প্লাজাত ৰোৱা, নগদ লেনদেনৰ দৰে সমস্যাৰ অন্ত পৰিছে৷ অপৰ্ণাজীৰ কথা শুদ্ধ৷ প্ৰথমে আমাৰ ইয়াত টোল প্লাজাত এখন গাড়ীৰ বাবে ৭ৰ পৰা ৮ মিনিটৰ প্ৰয়োজন হৈছিল৷ কিন্তু ‘ফাষ্ট টেগ’ অহাৰ পিছত এই সময় ডেৰৰ পৰা দুই মিনিট হৈছে৷ টোল প্লাজাত অপেক্ষাৰ সময় হ্ৰাস হোৱাত ইন্ধনো ৰাহি হৈছে৷ ইয়াৰ দ্বাৰা দেশবাসীৰ প্ৰায় ২১ হাজাৰ কোটি টকা ৰাহি হোৱাৰ অনুমান কৰা হৈছে৷ অৰ্থাৎ টকাৰো ৰাহি আৰু সময়ৰো ৰাহি৷ মই আপোনালোক সকলোকে আহ্বান জনাইছো যে দিশ-নিৰ্দেশনাসমূহ পালন কৰক, নিজৰো ধ্যান ৰাখক আৰু আনৰো জীৱন বচাওক৷
মোৰ মৰমৰ দেশবাসীসকল, আমাৰ ইয়াত কোৱা হয়- ‘‘জলবিন্দু নিপাতেল ক্ৰমশঃ পুৰ্যতে ঘটঃ’’৷ অৰ্থাৎ এক এক টোপালৰ দ্বাৰাই পাত্ৰ পূৰ্ণ হয়৷ আমাৰ এটা এটা প্ৰয়াসৰ দ্বাৰাই আমাৰ সংকল্প পূৰণ হ’ব৷ সেইবাবে ২০২১ চনৰ আৰম্ভণিতেই যি লক্ষ্যৰ সৈতে আমি কৈছো, সেই সংকল্প আমি ঐক্যৱদ্ধভাৱে পূৰণ কৰিব লাগিব৷ আহক, আমি সকলোৱে এই বৰ্ষটোক সাৰ্থক কৰি তোলাৰ বাবে পদক্ষেপ গ্ৰহণ কৰো৷ আপোনালোকে নিজৰ বাৰ্তা, চিন্তাধাৰা নিশ্চয়কৈ প্ৰেৰণ কৰি থাকিব৷ আগন্তুক মাহত পুনৰ মিলিত হ’ম৷
ইতি-বিদা পুনৰ্মিলনায়!
Photo: Google