শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। দেওবাৰে মহালয়াৰ পাছত আজিৰ পৰা আৰম্ভ হৈছে দেৱীৰ পক্ষ। শাৰদীয় নৱৰাত্ৰি উৎসৱ আজিৰে পৰা অৰ্থাৎ ২৬ ছেপ্টেম্বৰ পৰা আৰম্ভ হৈছে।
আজিৰে পৰা আৰম্ভ হোৱা নৱৰাত্ৰি পূজা ৫ অক্টোবৰত সমাপ্ত হ’ব। নৱৰাত্ৰিৰ ৯টা দিন মা দুৰ্গাক উচৰ্গা কৰা হয়। নৱৰাত্ৰি উৎসৱ ঘট স্থাপনৰ পৰা আৰম্ভ হয়। অষ্টমী আৰু নৱমী তিথিত কন্যা পুজন কৰা হয়। ইয়াক কুমাৰী পূজা বুলিও জনা যায়। নৱৰাত্ৰি উৎসৱ বছৰত চাৰিবাৰ আহে যদিও চৈত্ৰ আৰু শাৰদীয় নৱৰাত্ৰিক অতি বিশেষ বুলি গণ্য কৰা হয়।