আপুনিও অনলাইন শ্বপিং কৰি ভাল পাই নেকি?
তেন্তে সাৱধান হোৱাৰ সময় আহি পৰিছে।
আগৰাত এক নাভৃত-নাশ্ৰুত ঘটনা সংঘটিত হৈছে।
আইটি কোম্পানীৰ এজন কৰ্মচাৰীয়ে অনলাইন শ্বপিং এপেৰে লেপটপ অৰ্ডাৰ কৰিছিল কিন্তু তেওঁৰ ঘৰত কুৰিয়াৰেৰে আহিল চকলেটৰ বাকচ।
ভুক্তভোগী লোকজনে অৰ্ডাৰ কৰা বস্তুটো খুলিবলৈ লওতে তাৰ পৰা পলায়ন কৰে কুৰিয়াৰ কৰ্মচাৰীজন।
ক্ৰেডিট কাৰ্ডৰ পৰা লেপটপৰ ৫৫,৪৯৫ টকা চাফা হোৱাৰ মেছেজ যেতিয়া লোকজনৰ মোবাইলত আহে তেতিয়া তেওঁ চিন্তাত পৰে।
এই ঘটনাৰ পিছতে এজন বন্ধুৰ পৰামৰ্শত লোকজনে প্ৰৱঞ্চনাৰ কাহিনী ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে।
ইয়াৰ পিছতে অনলাইন শ্বপিং কোম্পানীটোৱে বাধ্যত পৰি টকাখিনি ঘূৰাই দিয়ে।
গুৰুগ্ৰামৰ আইটি কোম্পানীত কৰ্মৰত অমিত গোয়েল বৰ্তমান Work From Home কৰি আছে।
তেওঁ ক’লে যে ৯ ফেব্ৰুৱাৰীত লেপটপৰ অৰ্ডাৰ দিছিল।
ডেলিভাৰী হৈছিল ১৪ ফেব্ৰুৱাৰীত। কুৰিয়াৰ কৰ্মীজনে বাকচটো দি গুচি যায়।
যেতিয়া বাকচটো খুলিলে আচম্বিত হৈ উঠে কাৰণ বাকচটোৰ ভিতৰত লেপটপৰ বিপৰীতে আছিল চকলেটৰ সৰু বাকচ।
লোকজনে ডেলিভাৰী লোৱাৰ সময়ত সদায়ে ভিডিঅ’ কৰে।
এইবাৰো কৰিছিল। অনলাইন শ্বপিং কোম্পানীৰ টোল ফ্ৰী নম্বৰ অভিযোগ দিওতে উত্তৰ আহিল যে ব্যৱস্থা গ্ৰহণ কৰিম।
পিছত ক’লে ৩ দিনত টকা ঘূৰাই পাব কিন্তু ৭ দিনটো ঘূৰাই নাপালে।
ইয়াৰ পিছত লোকজনৰ ফোন উঠাবলৈ বন্ধ কৰি দিয়ে।
তাৰ পিছত এজন বন্ধুয়ে পৰামৰ্শ প্ৰদান কৰে যে প্ৰৱঞ্চনাৰ এই কাহিনীটোৰ বিষয়ে উল্লেখ কৰি ভিডিঅ’টো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰি দে।
১১ দিনৰ পিছত ঘূৰাই পালে টকা
অমিতে কোম্পানীৰ টুইটাৰ একাউণ্টত অভিযোগ উত্থাপন কৰে।
পিছত ফেচবুক আৰু কেইবাটাও ছাইটত ভিডিঅ’টো আপলোড কৰে।
২৫০০জন লোকে ভিডিঅ’টো প্ৰত্যক্ষ কৰে। তেতিয়াই কোম্পানীৰ তৰফৰ পৰা ফোন আহে।
আৰু তেওঁক কয় যে, ভিডিঅ’টো আপুনি আঁতৰাই দিয়ক আমি টকাখিনি একাউণ্টলৈ প্ৰেৰণ কৰি দিম।
২৫ ফেব্ৰুৱাৰীত একাউণ্টত সম্পূৰ্ণ ধন ঘূৰি আহে।
অনলাইন শ্বপিঙৰ সাৱধান হোৱাটো প্ৰয়োজন
– সেই এপটোৰে শ্বপিং কৰক যিটো প্লে’ ষ্টোৰৰ পৰা ডাউনলাউড কৰা হৈছে।
– যদি ছাইটেৰে শ্বপিং কৰি আছে তেন্তে চাই লওক ভুৱা হয় নে নহয়।
– কুৰিয়াৰ কৰ্মচাৰীৰ পৰা ডেলিভাৰী লোৱাৰ সময়ত ফটো লওক, মোবাইল নম্বৰ লওক আৰু ভিডিঅ’ কৰক।
– কুৰিয়াৰ বয়ৰ সন্মুখতে পেকেট খুলক, যদি প্ৰৱঞ্চনা হয় তেন্তে তৎকালীনভাৱে ১১২ত ফোন কৰক।
– যদি প্ৰৱঞ্চনাৰ কথা পিছত জানিব পাই তেন্তে সমীপৰে থানাত অভিযোগ উত্থাপন কৰক।
Photo: Google