সাৱৰমতী আশ্ৰমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘আজাদী কা অমৃত মহোৎসৱ’ উদ্বোধন ৷
শুকুৰবাবে প্ৰধানমন্ত্ৰী মোদীয়ে ‘পদযাত্ৰা’কাৰ্যসূচীৰ জৰিয়তে উদ্বোধন কৰে ‘আজাদী কা অমৃত মহোৎসৱ’ কাৰ্যসূচীৰ ৷
সাৱৰমতী আশ্ৰমৰ পৰা দাণ্ডীলৈকে ৩৮৮ কিঃমিঃৰ এই পদযাত্ৰাত অংশগ্ৰহণ কৰে ৮১গৰাকী পদযাত্ৰীয়ে ৷
উল্লেখ্য, ১৯৩০ চনৰ ১২ মাৰ্চৰ পৰা জাতিৰ পিতা মহাত্মা গান্ধীয়ে সাৱৰমতী আশ্ৰমৰ পৰা আৰম্ভ কৰিছিল দাণ্ডী যাত্ৰা ৷
আজিৰে পৰা আৰম্ভ হোৱা এই পদযাত্ৰাৰ অন্ত পৰিব ৫ এপ্ৰিলত ৷
স্বাধীনতাৰ ৭৫ বছৰীয়া বৰ্ষপুৰ্তি উপলক্ষে আয়োজন কৰিছে ‘আজাদী কা অমৃত মহোৎসৱ’ কাৰ্যসূচী ৷
বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটাৰযোগে জনাই এই কথা ৷
পদযাত্ৰা কাৰ্যসূচীৰ প্ৰথম ৭৫ কিঃমিঃত নেতৃত্ব দিব কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ পেটেলে ৷
এই পদক্ষেপৰ অধীনত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ৷
Today’s #AmritMahotsav programme begins from Sabarmati Ashram, from where the Dandi March began. The March had a key role in furthering a spirit of pride and Aatmanirbharta among India’s people. Going #VocalForLocal is a wonderful tribute to Bapu and our great freedom fighters.
— Narendra Modi (@narendramodi) March 12, 2021