নিউজ ডেস্কঃ আনলক–৪.০ৰ নির্দেশনাত কনটেইনমেণ্ট জ’নৰ বাহিৰত শৈক্ষিক প্রতিষ্ঠান খোলাৰ অনুমতি প্রদান কৰাৰ পিছত মঙবাৰে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে ২১ ছেপ্টেম্বৰ পৰা আংশিক ৰূপত বিদ্যালয় খোলাৰ নিয়মাৱলী (এছ অ’ পি) জাৰি কৰে৷ কেন্দ্রীয় স্বাস্থ্যমন্ত্রী ডাঃ হর্ষবর্ধনে বিবৃতিযোগে ২১ ছেপ্টেম্বৰৰ পৰা নৱম শ্রেণীৰ পৰা দশম শ্রেণীলৈকে বিদ্যালয়সমূহত পাঠদান কৰাৰ এছ অ’ পি জাৰি কৰে৷ বিদ্যালয়সমূহত নৱম শ্রেণীৰ পৰা দশম শ্রেণীলৈকে পাঠদান চলিব স্বেচ্ছামূলক আধাৰত৷ অর্থাৎ শিক্ষার্থীসকল বিদ্যালয়লৈ অহাটো বাধ্যতামূলক নহয়৷ স্বাস্থ্য মন্ত্রালয়ে জাৰি কৰা এছ অ’ পি অনুসৰি শিক্ষক–কর্মচাৰী আৰু শিক্ষার্থীয়ে অতিকমেও ৬ ফুট সামাজিক দূৰত্ব মানি চলিব লাগিব৷ ফেচ মাস্ক পৰিধান কৰাৰ লগতে হাত ধুই থাকিব লাগিব৷ তদুপৰি শ্বাস–প্রশ্বাসজনিত ক্রিয়াসমূহ স্বয়ং নিৰীক্ষণত ৰাখিব লাগিব৷ কোনো ৰাজহুৱা ঠাইত থুৱাব নোৱাৰিব৷ কনটেইনমেণ্ট জ’নৰ বাহিৰত এই বিদ্যালয়সমূহ পুনৰ খোলা হ’ব৷ অৱশ্যে যিবোৰ বিদ্যালয়ত ক’ভিড–১৯ কোৱাৰেণ্টাইন চেণ্টাৰ খোলা হৈছিল, সেই বিদ্যালয়সমূহ স্কুল খোলাৰ পূর্বে ছেনিটাইজাৰ কৰিব লাগিব৷ উল্লেখ্য যে অনলাইন আৰু দূৰ শিক্ষণৰ জৰিয়তে পাঠদান চলি আছে যদিও প্রথমবাৰৰ বাবে শিক্ষার্থীসকলক বিদ্যালয়লৈ অহাৰ ক্ষেত্রত উৎসাহ যোগোৱাৰ বাবে আংশিক ৰূপত বিদ্যালয়সমূহ পুনৰ খোলা হ’ব৷ এইক্ষেত্রত শিক্ষার্থীসকলে স্বেচ্ছামূলকভাৱে বিদ্যালয়লৈ আহিব লাগিব৷ তেওঁলোকৰ শিক্ষকসকলৰ নির্দেশনা গ্রহণ কৰিব৷ লক্ষণীয় যে মন্ত্রালয়ৰ বিবৃতিত এই কথা স্পষ্ট কৰি দিয়া হৈছে যে শিক্ষার্থীসকলে বিদ্যালয়লৈ অহাৰ ক্ষেত্রত পিতৃ–মাতৃ অথবা অভিভাৱকে লিখিত অনুমতি–পত্র দিব লাগিব৷ বিদ্যালয়লৈ অহা শিক্ষক আৰু শিক্ষার্থীৰ মাজত আলাপ ক’ভিড–১৯ৰ প্রট’কল অনুসৰি আয়োজন কৰিব লাগিব৷ কনটেইনমেণ্ট জ’নৰ ভিতৰত থকা কোনো শিক্ষার্থী, শিক্ষক আৰু কর্মচাৰীক বিদ্যালয়লৈ যোৱাত অনুমতি দিয়া হোৱা নাই৷ বিদ্যালয়ত ৫০ শতাংশৰহে উপস্থিতি থাকিব লাগিব৷ বিদ্যালয় কর্তৃপক্ষই বায়’মেট্রিকৰ সলনি বিকল্প উপস্থিতিৰ পঞ্জীয়নৰ ব্যৱস্থা কৰিব লাগিব৷ বিদ্যালয়ৰ চৌহদত কিম্বা বহিঃভাগত যাতে সকলোৱে সামাজিক দূৰত্ব মানি চলিব পাৰে, তাৰ বাবে ৬ ফুট দূৰত্বৰ ব্যৱধানত নির্দিষ্ট চিহ্ণৰে অংকন কৰিব লাগিব৷ শিক্ষক–কর্মচাৰীৰ কোঠাতো সামাজিক দূৰত্ব বর্তাই ৰখাটো বাধ্যতামূলক৷ বিদ্যালয় কর্তৃপক্ষই ৰাজ্যিক হেল্পলাইন নম্বৰ ডিছপ্লে’ কৰিব লাগিব৷ যাতে কোনো জৰুৰীকালীন সময়ত শিক্ষক, শিক্ষার্থী আৰু কর্মচাৰীয়ে স্বাস্থ্য বিভাগৰ সৈতে যোগাযোগ কৰিব পাৰে৷ বিদ্যালয়ত থকা জিমসমূহত মন্ত্রালয়ৰ নির্দেশনা মানিব লাগিব৷ অৱশ্যে ছুইমিং পুল বন্ধ থাকিব৷