বিহাৰত উপস্থিত হৈ শুকুৰবাৰে নীতিশ কুমাৰক প্ৰত্যক্ষ আক্ৰমণ কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে। জনতা দল (সংযুক্ত) ই বিজেপিৰ সৈতে মিত্ৰজোট ভংগ কৰি বিহাৰত চৰকাৰ গঠন কৰাৰ বাবে অমিত শ্বাহে আক্ৰমণৰ লক্ষ্য কৰি লয় নীতিশ কুমাৰক। গৃহমন্ত্ৰী গৰাকীৰ ভাষ্য অনুসৰি, কেৱল প্ৰধান মন্ত্ৰী হ’বলৈয়ে বিজেপিৰ সৈতে মিত্ৰজোট ভংগ কৰে নীতিশ কুমাৰে।
উল্লেখ্য যে, বিহাৰত মহা মিত্ৰজোটৰ চৰকাৰ গঠন হোৱাৰ পাছত বিহাৰত বিজেপিৰ এইটো প্ৰথম শোভাযাত্ৰা। ইয়াৰ উপৰিও গৃহমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে যে, নীতিশ কুমাৰৰ চৰকাৰে বিগত বিধান সভা নিৰ্বাচনত বিজেপিয়ে লাভ কৰা আসনৰ আধা হে লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ পাছতো, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নীতিশ কুমাৰক মুখ্যমন্ত্ৰী হ’বলৈ অনুমতি দিছিল মিত্ৰজোঁটৰ প্ৰতি সন্মান ৰক্ষা কৰি। কিন্তু মুখ্যমন্ত্ৰী গৰাকীয়ে এই মিত্ৰজোঁটৰ সন্মান ৰক্ষা নকৰি ভংগ কৰে ৰাজনৈতিক নৈতিকতা। কেৱল ক্ষমতাৰ লালসাতেই নীতিশ কুমাৰে এই সিদ্ধান্ত লোৱা বুলিও ভাষ্য প্ৰদান কৰে অমিত শ্বাহে।