ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কক প্ৰাণে মৰাৰ ষড়যন্ত্ৰৰে সংলগ্ন এখন পত্ৰ প্ৰেৰণ কৰে।
দুদিন পূৰ্বে ওড়িশাৰ মুখ্যমন্ত্ৰীৰ চৰকাৰী আৱাসগৃহ নবীন নিবাসৰ ঠিকনাত তেওঁক প্ৰাণে মৰাৰ ষড়যন্ত্ৰ ৰচাৰ বিষয়ে জনায়।
লগতে পত্ৰত কেইখনমান বাহনৰ নম্বৰো উল্লেখ কৰি এই দাবী জনাই যে এইসমূহ বাহনেৰে তেওঁক অনুসৰণ কৰা হৈ আছে।
পত্ৰখন পোৱাৰ পিছত মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ নিৰাপত্তা যথেষ্ট বৃদ্ধি কৰা হৈছে।
সূত্ৰ অনুসৰি মুখ্যমন্ত্ৰীক প্ৰাণে মৰাৰ ষড়যন্ত্ৰৰ উচ্চস্তৰীয় তদন্তৰ আদেশ প্ৰদান কৰা হৈছে।
ইয়াৰ বাবে এখন উচ্চস্তৰীয় তদন্ত কমিটী গঠন কৰি দিয়া হৈছে।
আৰক্ষীক হাই এলাৰ্টত ৰখা হৈছে।
তথ্য অনুসৰি নবীন নিবাসৰ ঠিকনাত মুখ্যমন্ত্ৰীক সম্বোধন কৰা হাতেৰে লিখা এখন পত্ৰ পোৱা গৈছে।
পত্ৰখনত লিখা আছিল যে, কেইজনমান কনট্ৰেক কিলাৰ্ছক তেওঁক হত্যাৰ বাবে ছুপাৰি দিয়া হৈছে।
যাৰ বাবে কিলাৰ্ছকেইটাক ছেমী অট’মেটিক পিষ্টলৰ লগতে AK-47ৰ দৰে অস্ত্ৰ-শস্ত্ৰ প্ৰদান কৰা হৈছে।
পত্ৰ লিখোতাই ১৭টা বাহনৰ নম্বৰো লিখে পত্ৰখনত আৰু এই বাহনকেইখনেৰে মুখ্যমন্ত্ৰীক অনুসৰণ কৰাৰ কথাও উল্লেখ কৰিছে।
পত্ৰখনত এই কথাটোও উল্লেখ কৰা হৈছে যে তেওঁৰ হত্যাৰ বাবে অস্ত্ৰ-শস্ত্ৰ ইতিমধ্যে ওড়িশা পাইছেগৈ।
ষড়যন্ত্ৰ ৰচোতা মাষ্টাৰমাইণ্ড মহাৰাষ্ট্ৰৰ নাগপুৰৰ বাসিন্দা।
পত্ৰখনত কেৱল মাষ্টাৰমাইণ্ডৰ ঠিকনাই নহয়, লগতে লোকজনৰ গাড়ীৰ নম্বৰো উল্লেখ কৰা হৈছে।
পত্ৰখন লাভ কৰাৰ পিছতে আৰক্ষী বিষয়াসকল ইতিমধ্যে এলাৰ্ট হৈ উঠিছে।
Photo: Google