এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে ওড়িশাৰ ৰুড়কেলাৰ ষ্টীল প্লাণ্টত।
বিষাক্ত গেছ নিৰ্গত হৈ ৪জন শ্ৰমিকে প্ৰাণ হেৰুৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছে আন ৬জনকৈ শ্ৰমিক।
কয়লা ৰাসায়নিক বিভাগত পুৱা সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো। দুৰ্ঘটনাৰ সময়ছোৱাত ১০জন শ্ৰমিক কৰ্মৰত আছিল।
এটা ব্যক্তিগত কোম্পানীয়ে নিয়োগ কৰিছিল ৪জন ঠিকাভিত্তিক শ্ৰমিক।
ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষী বিষয়াই জনোৱা অনুসৰি কাৰ্বন মন’ অক্সাইড গেছ নিৰ্গত হৈ কৰুণ মৃত্যুক সাৱটি লৈছিল এই ৪জন শ্ৰমিকে।
মৃত ৪জন শ্ৰমিকৰ নাম ক্ৰমে গণেশ চন্দ্ৰ পাইলা(৫৫), ৰবিন্দ্ৰ চাহু(৫৯), অভিমান্যু শ্বাহ(৩৩) আৰু ব্ৰহ্মানন্দ পাণ্ডা(৫১)।
ইছপাট জেনেৰেল হাস্পতালত চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি লয় শ্ৰমিককেইজনে।
আন আহত শ্ৰমিককেইজন গুৰুতৰ অৱস্থাত হাস্পতালত চিকিৎসাধীন অৱস্থাত।
Photo Credit: Zee News