নিউজ ডেস্কঃ মহামাৰী ক’ভিড–১৯ৰ সংক্রমণ প্রতিৰোধ কৰাৰ লক্ষ্যৰে বলৱৎ কৰা লকডাউনৰ ফলত দেশৰ চলচ্চিত্র উদ্যোগসমূহো ক্ষতিৰ সন্মুখীন হৈছে৷ বিগত ২৫ মার্চৰ পৰা বন্ধ হৈ থকা ছবিগৃহসমূহে প্রতিমাহে এক হাজাৰ কোটি টকাকৈ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে৷
মাল্টিপ্লেক্স এছ’ছিয়েচন অব্ ইণ্ডিয়াৰ সৈতে জড়িত চলচ্চিত্র উদ্যোগৰ আইনক্স, পি ভি আৰ পিকচাৰছ আৰু ছিনপ’লিছ ইণ্ডিয়াৰ দেশজুৰি থকা চিত্রগৃহসমূহ বন্ধ হৈ থকাত প্ৰতিমাহে এক হাজাৰ কোটি টকাকৈ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে৷ ফলত এই ছবিগৃহৰ সৈতে জড়িত কর্মচাৰীসকলৰ জীৱনলৈ অশনি সংকেত নামি আহিছে৷
মাল্টিপ্লেক্স এছ’চিয়েচন অৱ ইণ্ডিয়াই কেন্দ্রীয় চৰকাৰক আনলক–৩ত এছ অ’ পি নির্ধাৰণ কৰি ছবিগৃহসমূহ খুলিবলৈ অনুমতি দিয়াৰ বাবে দাবী জনাইছে৷ ইতিমধ্যে চাৰি মাহত ছবিগৃহসমূহে প্ৰায় ৪ হাজাৰ কোটি টকা লোকচানৰ সন্মুখীন হৈছে৷
চিত্ৰৰ উৎসঃ ইণ্টাৰনেট