ৰেকৰ্ড ভংগৰ স্তৰ প্ৰাপ্ত পেট্ৰ’লৰ মূল্য শীঘ্ৰে হ্ৰাস হ’ব পাৰে।
পেট্ৰ’লিয়াম মন্ত্ৰালয়ে চৰকাৰক পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৰেহাই দিয়াৰ ক্ষেত্ৰত আহ্বান জনাইছে।
মন্ত্ৰালয়ে ক’লে যে উৎপাদন শুল্ক হ্ৰাস কৰি ৰাইজক সকাহ দিয়াৰ সম্ভাৱনা।
মন্ত্ৰালয়ে জনোৱা অনুসৰি, ক’ৰোনাকালত পেট্ৰ’ল আৰু ডিজেলত বৃদ্ধি কৰা উৎপাদন শুল্কত যদি ৫০ শতাংশও হ্ৰাস কৰা হয় তেন্তে প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৫ টকালৈ হ্ৰাস হ’ব পাৰে।
লকডাউনৰ সময়ছোৱাত চৰকাৰে পেট্ৰ’লত ১০ টকালৈ উৎপাদন শুল্ক বৃদ্ধি কৰিছিল।
মন্ত্ৰালয়ে ক’লে যে যদি উৎপাদন শুল্ক হ্ৰাস কৰা হয় তেন্তে গ্ৰাহকসকলে ইয়াৰ সম্পূৰ্ণ লাভ দিবলৈ হ’লে ৰাজ্যবিলাকে সহযোগ কৰিব লাগিব।
তেওঁলোকে ভেট হ্ৰাস কৰাবলৈ কেন্দ্ৰৰ সৈতে একমত হ’ব লাগিব।
মন্ত্ৰালয়ে ক’লে যে উৎপাদন শুল্ক হ্ৰাস কৰাৰ উপৰিও ভেট হ্ৰাস আৰু তেল কোম্পানীসমূহৰ পৰাও বোজা উঠাবলৈ কোৱা হ’ব।
OPAC দেশৰ খাৰুৱা তেল উৎপাদন হ্ৰাস কৰাৰ সিদ্ধান্তৰ বাবে আন্তঃজাৰ্তিক বজাৰত খাৰুৱা তেলৰ দাম দ্ৰতগতিত বৃদ্ধি হৈ আছে।
যাৰ বাবে ঘৰুৱা তেল বিপণন কোম্পানীয়েও ২৯ দিন পিছত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰিবলৈ আৰম্ভ কৰি দিয়ে।
২৬ টকাৰ পেট্ৰ’লত ৫২ টকাৰ কৰ
গ্ৰাহকসকলে দিল্লীৰ পেট্ৰ’ল পাম্পত প্ৰতিলিটাৰ পেট্ৰ’ল ৮৪.২০ টকাত পোৱা বাস্তৱিক মূল্য কেৱল ২৬ শতাংশ।
কেন্দ্ৰ চৰকাৰ এই আধাৰ মূল্যৰ ১২৫ শতাংশ অৰ্থাৎ ৩২.৯৮ টকাৰ শুল্ক তথা কৰৰ ৰূপত ১৯ টকা গ্ৰহণ কৰে।
ডিলাৰ্ছ আৰু কোম্পানীসমূহে প্ৰতিলিটাৰত ৬.২২ টকাৰ লাভ উঠায়।
Photo: Google