সীমা সুৰক্ষা বাহিনী (বিএছএফ)ৰ আজি ৫৬ তম ‘প্ৰতিষ্ঠা দিৱস’ ৷ প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ৰাষ্ট্ৰক সুৰক্ষিত কৰা আৰু নাগৰিকসকলক সহায় কৰাৰ বাবে নিজকে অবিৰত প্ৰতিশ্ৰুতিৰে নিজকে সমৰ্পন কৰা বি এছ এফৰ সকলো কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালক আজি বিএছএফ দিৱসৰ বিশেষ অনুষ্ঠানত শুভেচ্ছা জ্ঞাপন কৰে। বি এছ এফে নিজকে এক গুৰুত্বপূৰ্ণ শক্তি হিচাপে চিহ্নিত কৰিছে, যি দেশক সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতিত অটল আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ত নাগৰিকসকলক সহায় কৰি আহিছে। বি এছ এফক লৈ ভাৰত গৌৰৱান্বিত!” টুইটাৰত প্ৰধানমন্ত্ৰী মোদীয়ে এনেদৰে কয়। আনহাতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও তেওঁলোকৰ ৰাষ্ট্ৰীয় সেৱাৰ বাবে সাহসী সেনাসকললৈ অভিনন্দন জনায়৷
অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও বি এছ এফবাহিনীলৈ টুইটাৰত শুভেচ্ছা জনাই টুইট কৰে৷
বি এছ এফৰ আনুষ্ঠানিক ৱেবছাইট অনুসৰি, ১৯৬৫ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ ঠিক পিছতে ১৯৬৫ চনৰ ১ ডিচেম্বৰত ভাৰতীয় সংসদৰ এক আইন অনুসৰি আনুষ্ঠানিকভাৱে ‘ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা’ সুৰক্ষা বাহিনী স্থাপন কৰা হৈছিল।