নিউজ ডেস্কঃ সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লী মেট্ৰ’ৰ মেজেণ্টা লাইনত দেশৰ প্ৰথমখন সম্পূৰ্ণভাৱে স্বয়ংক্ৰিয় চালকবিহীন ৰে’লসেৱা মুকলি কৰে। এই নতুন শৃংখলাৰ ৰে’লবোৰ চলিবলৈ আৰম্ভ হোৱাৰ লগে লগে, দিল্লী মেট্ৰ’ ৰে’ল কৰ্প’ৰেচন বিশ্বৰ মেট্ৰ’ নেটৱৰ্কৰ সাত শতাংশৰ অন্তৰ্গত সম্ভ্ৰান্ত শ্ৰেণীত অন্তৰ্ভুক্ত হৈছে, যি চালক অবিহনে চলিব পাৰে৷ ৩৭ কি:মি: দৈঘ্যৰ এই মেজেণ্টা লাইনে সংযোগ কৰিছে দিল্লীৰ জনকপুৰী ৱেষ্ট আৰু নইডাৰ বোটানিকেল গাৰ্ডেন ৷ যোগাযোগভিত্তিক ৰে’ল নিয়ন্ত্ৰণ ( CBTC) নামৰ হাইটেক সংকেত প্ৰযুক্তি প্ৰয়োগ কৰা হৈছে এই চালকবিহীন ৰে’লত৷ এই ৰে’ল চলাচলত অনুমতি প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰীৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ দ্বাৰা সংশোধন কৰা হৈছে The Metro Railways General Rules-2015 ৷
Next-generation infrastructure for Delhi. Watch. https://t.co/LK789BkE3x
— Narendra Modi (@narendramodi) December 28, 2020
উল্লেখ্য, ২৫ ডিচেম্বৰত দিল্লী মেট্ৰ’ ৰে’ল কৰ্প’ৰেচনৰ ১৮ বছৰ সম্পূৰ্ণ হৈছে আৰু সোমবাৰে অৰ্থাৎ আজি মুকলি কৰে স্বয়ংক্ৰিয় ৰে’লসেৱা ৷ DMRC -ৰ phase-||| ৰ অংশ হিচাপে নিৰ্মাণ কৰা হৈছে এই অত্যাধুনিক প্ৰযুক্তি ৷