প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি সোমবাৰে সংসদৰ সদস্যসকলৰ বাবে নিৰ্মিত বহুমহলীয়া আবাসটো এক ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে উদ্ধোধন কৰিব ৷ প্ৰধানমন্ত্ৰী কাৰ্যলয়ৰ পৰা এইটোও ঘোষণা কৰে যে এই বহূমলীয়া আবাসটো দেশৰ ৰাজধানী নতুন দিল্লীৰ ডাঃ বি. ডি মাৰ্কত অৱস্থিত ৷ পূৰ্বৰ আঠটা আবাস ৮০ বছৰৰো অধিক পুৰণি হোৱাত আজি ৭৬ টাকৈ নতুন আবাস নিৰ্মাণ কৰা হৈছে ৷ মোডীয়ে আৰু কয় যে কোভিড-১৯ ৰ ভয়াবহ পৰিস্থিতিৰ বাবে এই বহুমহলীয়া আবাসটো সম্পূৰ্ণ হৈ উঠাত বহুসময় ল’লে ৷ সাংসদৰ বাবে আজি নতুনকৈ মুকলি হ’বলগীয়া আবাসটোত উদ্ধোন কাৰ্যসূচীত লোকসভাৰ অধ্যক্ষ ওম বিৰলা উপস্থিত থাকিব ৷