নিউজ ডেস্কঃ আজি ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে কেৱাড়িয়াত চৰ্দাৰ বল্লভ ভাই পেটেলৰ মুৰ্তিৰ সন্মুখত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে পুলৱামাৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়াৰ সময়ত প্ৰশ্ন কৰা সকলৰ মুখা আজি খোল খাইছে৷
পাকিস্তানৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ফাৱড় চৌধুৰীয়ে পুলৱামাৰ আক্ৰমণক ‘‘ইমৰাণ খানৰ চৰকাৰৰ সফলতা’’ বুলি অভিহিত কৰা মন্তব্যক প্ৰধানমন্ত্ৰী মোদীয়ে তীব্ৰ সমালোচনা কৰি কয় যে যেতিয়া সমগ্ৰ দেশ পুলৱামাত নিহতসকলৰ প্ৰতি শোক সাগৰত বুৰ গৈ আছিল, ঠিক সেই সময়তে দেশৰ কিছু সংখ্যক লোকে এই আক্ৰমণৰ ঘটনাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল৷ সেই সকললোকে নিজৰ ৰাজনৈতিক অভিসন্ধি পূৰণৰ বাবে যিকোনো কাম কৰিব পাৰে বুলিও প্ৰধানমন্ত্ৰীয়ে অভিযোগ কৰে৷
India pays homage to Sardar Patel. Watch from Kevadia. https://t.co/nU3CKUHygg
— Narendra Modi (@narendramodi) October 31, 2020