সোমবাৰৰ পৰা আৰম্ভ হৈছে পঞ্চাচ উৰ্দ্ধৰ ব্যক্তিৰ ক’ৰোণা টীকাকৰণ ৷
পুৱাই দিল্লীৰ এইমচত ক’ভিড ভেকচিনৰ প্ৰথমটো টীকা ল’লে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷
টুইটযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিলে এই কথা ৷
তেওঁ কয়, “এইমচত ক’ভিড ভেকচিনৰ প্ৰথমটো টীকা গ্ৰহণ কৰিলো ৷
চিকিৎসক আৰু বিজ্ঞানীসকলে কম সময়ৰ ভিতৰতে ক’ৰোণাৰ বিৰুদ্ধে বিশ্বব্যাপী যুদ্ধক যিদৰে শক্তিশালী কৰি তুলিছে সেইয়া উল্লেখনীয় ৷
যিসকলে ভেকচিন গ্ৰহণ কৰিব পাৰে সকলোকে ভেকচিন ল’বলৈ আহ্বান জনাইছো ৷
সকলোৱে মিলি এখন ক’ভিড মুক্ত ভাৰত গঢ়াত সহায় কৰক ৷ ”
Took my first dose of the COVID-19 vaccine at AIIMS.
Remarkable how our doctors and scientists have worked in quick time to strengthen the global fight against COVID-19.
I appeal to all those who are eligible to take the vaccine. Together, let us make India COVID-19 free! pic.twitter.com/5z5cvAoMrv
— Narendra Modi (@narendramodi) March 1, 2021