প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা ২৮ এপ্ৰিলত ডিব্ৰুগড়লৈ আহিব। দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিব্ৰুগড়ত এখন কৰ্কট চিকিৎসালয় উদ্বোধন কৰাৰ লগতে ডিব্ৰুগড়ৰ পৰাই আন ছয়খন কৰ্কট চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাই ডিব্ৰুগড়ৰ উপায়ুক্ত আৰু ৰাজ্য চৰকাৰৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয় আৰু প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ সফল কৰাৰ বাবে সকলো পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে।
উল্লেখ্য যে প্ৰধানমন্ত্ৰীয়ে সেইদিনা বিয়লিৰ ভাগত খনিকৰ আৰক্ষী সংৰক্ষিত ক্ষেত্ৰত এখন ৰাজহুৱা সভাতো ভাষণ প্ৰদান কৰিব। মোডীৰ ডিব্ৰুগড় ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী শৰ্মাই দেওবাৰে সমগ্ৰ অঞ্চলটোৰ বুজ লোৱাৰ লগতে ডিব্ৰুগড়ৰ খনিকৰ আৰক্ষী সংৰক্ষিত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ ডিব্ৰুগড় ভ্ৰমণত কোনো ধৰণৰ ত্ৰুটি যাতে নাথাকে তাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই।