হাস্যৰসৰ মাজেৰে ক’ভিড-১৯ ৰ প্ৰতিষেধক গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷
সোমবাৰে দিল্লীৰ এইমচত নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰিলে ক’ভাক্সিনৰ প্ৰথমটো টীকা ৷
ৰোগীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখিয়ে পুৱাই আহি প্ৰতিষেধক ল’লে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷
প্ৰধানমন্ত্ৰীৰ উপস্থিতিত এইমচৰ চিকিৎসাকৰ্মী সকলে অসহজবোধ কৰা দেখি টীকাকৰণ কক্ষত প্ৰৱেশ কৰি পৰিবেশটো সহজ কৰি তুলিবলৈ উপস্থিত চিকিৎসাকৰ্মীৰ সৈতে কথা-বাৰ্তা আৰম্ভ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷
সকলোৰে লগত ৰসিকতাৰে কথা আৰম্ভ কৰে তেওঁ ৷
এইমচৰ মুখ্য চিকিৎসক ডঃ ৰণদ্বীপ গোলেৰিয়াৰ মতে,যিহেতু সপ্তাহৰ প্ৰথমটো দিন, গতিকে ৰোগীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখিয়েই পুৱাই অহাৰ সিদ্ধান্ত লৈছিল নৰেন্দ্ৰ মোদীয়ে ৷
এইমচত প্ৰধানমন্ত্ৰীগৰাকীক টীকাকৰণ কৰিলে পুডুচেৰীৰ পি নিবেদা আৰু কেৰালাৰ ৰ’চাম্মা অনিল নামৰ দুগৰাকী নাৰ্চে ৷
ক’ভিড ভেকচিন গ্ৰহণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ক’ভিড-১৯ ৰ বিৰুদ্ধে বিশ্বব্যাপী যুদ্ধক শক্তিশালী কৰাৰ বাবে চিকিৎসক তথা বিজ্ঞানীসকলে যিদৰে কাৰ্য কৰিছে সেইয়া উল্লেখনীয় ৷
মোদীয়ে দুয়োগৰাকী চিকিৎসাকৰ্মীক কয়,’ ভেকচিনটো দিলা, গমেই নাপালো’ ৷
এনেদৰেই হাঁহি-ধেমালিৰ মাজেৰে ভেকচিন গ্ৰহণ কৰিলে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷
photo: Google