প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃ হীৰাবেন মোদীয়ে ল’লে ক’ৰোনা ভেকচিনৰ প্ৰথমটো টীকা ৷
বৃহস্পতিবাৰে মাতৃয়ে ভেকচিন লোৱাৰ কথা টুইটযোগে প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷
ভেকচিন ল’বলৈ ইজনে আনজনক সহায় আৰু অনুপ্ৰেৰণা যোগাবলৈও টুইটাৰযোগে আহ্বান জনালে মোদীয়ে ৷
প্ৰধানমন্ত্ৰীগৰাকীয়ে ১ মাৰ্চত দিল্লীৰ এইমচত গ্ৰহণ কৰিছিল ক’ৰোনা ভেকচিনৰ প্ৰথমটো টীকা ৷
উল্লেখ্য, দেশত ভেকচিনেচন ড্ৰাইভ আৰম্ভ হৈছিল ১৬ জানুৱাৰীৰ পৰা ৷
য’ত স্বাস্থ্যকৰ্মী আৰু ফ্ৰণ্টলাইন কৰ্মীসকলৰ বাবে প্ৰথমে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল ৷
দেশত এইপৰ্যন্ত ২.৫৬ কোটিৰ অধিক ক’ৰোনা ভেকচিন দিয়া হৈছে ৷
photo: google