প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ জালাউন জিলাৰ উৰাই তেহচিলৰ কাথেৰী গাঁৱত বুন্দেলখণ্ড এক্সপ্ৰেছৱে উদ্বোধন কৰিব। ২০২০ চনৰ ২৯ ফেব্ৰুৱাৰীত বুন্দেলখণ্ড এক্সপ্ৰেছৱেৰ আধাৰশিলা স্থাপন কৰা এই এক্সপ্ৰেছৱেৰ কাম ২৮ মাহৰ ভিতৰতে সম্পূৰ্ণ হৈছে।
The state-of-the-art Bundelkhand Expressway passes through 7 districts. The local economy will benefit tremendously due to it. There will be great industrial development in the region and this would bring more opportunities for the local youth. https://t.co/FAkvBskOVf
— Narendra Modi (@narendramodi) July 15, 2022
প্ৰধানমন্ত্ৰী মোডীয়ে কালি উদ্বোধন সন্দৰ্ভত এটা টুইটত কৈছিল যে ১৬ জুলাই বুন্দেলখণ্ড অঞ্চলৰ মোৰ ভগ্নী আৰু ভাতৃসকলৰ বাবে এক বিশেষ দিন। প্ৰকল্পটোৱে স্থানীয় অৰ্থনীতি আৰু সংযোগ বৃদ্ধি কৰিব। আন এটা টুইটযোগে প্ৰধানমন্ত্ৰীয়ে লিখিছে যে বুন্দেলখণ্ড এক্সপ্ৰেছৱে ৭ খন জিলাৰ মাজেৰে পাৰ হ’ব। ই স্থানীয় অৰ্থনীতিত যথেষ্ট লাভান্বিত কৰিব।
উত্তৰ প্ৰদেশ এক্সপ্ৰেছৱেজ ঔদ্যোগিক উন্নয়ন প্ৰাধিকৰণৰ(ইউপিইডিএ)অধীনত প্ৰায় ১৪,৮৫০ কোটি টকা ব্যয়েৰে চাৰি লেনৰ এক্সপ্ৰেছৱে নিৰ্মাণ কৰা হৈছে আৰু পৰৱৰ্তী সময়ত ইয়াক ছয় লেনলৈ সম্প্ৰসাৰিত কৰিব পাৰিব।