বিহাৰত সুৰা নিষিদ্ধ আইন বলবৎ হোৱাৰ পিছতো সুৰা বিক্ৰীৰ অবৈধ বেপাৰ চলিয়েই আছে।
প্ৰতিদিনে ৰাজ্যখনত বৃহৎ পৰিমাণৰ সুৰা উদ্ধাৰ কৰা হৈ আছে।
বিগত ৩১ জানুৱাৰীৰ নিশা আবকাৰী বিভাগৰ দলে বিহাৰৰ ৰাজধানী পাটনাৰ বাইপাছ থানা ক্ষেত্ৰৰ মৰচা-মৰচী গাঁওস্থিত এটা গুদামৰ পৰা প্ৰায় ৬ হাজাৰ কাৰ্টন বিদেশী সুৰা জব্দ কৰা হৈছিল।
SDOৰ নেতৃত্বত অব্যাহত অভিযান
বিহাৰত আবকাৰী বিভাগৰ এইটো আটাইতকৈ বৃহৎ অভিযান।
সুৰা নিষিদ্ধ বিহাৰত ইমান পৰিমাণৰ সুৰা উদ্ধাৰ হোৱাৰ পিছত এতিয়া সজাগ হৈ উঠিছে আৰক্ষী মহল।
খোদ আৰক্ষীয়ে এই সুৰাৰ বটলসমূহ গণনা কৰিবলৈ লাগিছিল দুদিন।
এই সুৰাখিনি নষ্ট কৰাৰ নিৰ্দেশনা প্ৰদান কৰিছিল পাটনা জিলাধিকাৰী চন্দ্ৰশ্বেখৰ সিঙে।
নিৰ্দেশনাৰ পিছথ পাটনা চিটীৰ SDO মুকেশ ৰঞ্জনৰ নেতৃত্বত অভিযান অব্যাহত ৰখা হৈছে।
সুৰাখিনি নষ্ট কৰিবলৈ লাগিব দুদিন
উল্লেখ্য পাটনাৰ আগমকুৱা থানাত মুঠ ৫৪ হাজাৰ লিটাৰ বিদেশী আৰু ৭ হাজাৰ লিটাৰ দেশী সুৰা দুদিনলৈ নষ্ট কৰিব লাগিব।
এই সম্বন্ধত আবকাৰী বিভাগৰ নগৰ আৰক্ষী দীপক কুমাৰে ক’লে যে সুৰা অত্যাধিক মাত্ৰা হোৱাৰ বাবে সুৰাখিনি নষ্ট কৰিবলৈ দুদিন লাগিব।
তেওঁ ক’লে যে জিলা অধিকাৰীয়ে নষ্ট কৰাৰ আদেশ জাৰি কৰিছিল।
তেওঁৰ আদেশ লোৱাৰ পিছতে আমি SDOৰ পৰা অৰ্ডাৰ লৈ তৎপৰতাৰে অভিযান আৰম্ভ কৰিম।
সুৰা মাফিয়াক কৰিছিল গ্ৰেপ্তাৰ
উল্লেখ্য কিছুদিন পূৰ্বে বিহাৰ আৰক্ষীয়ে হাৰিয়ানাৰ পৰা এজন সুৰা মাফিয়াক গ্ৰেপ্তাৰ কৰিছিল, যিয়ে হাৰিয়ানাত থাকি বিহাৰত অবৈধ সুৰাৰ পেছা চলাইছিল।
কিন্তু ইয়াৰ পিছতে ৰাজ্যখনত অবৈধ সুৰা বনোৱা আৰু বিক্ৰীৰ বেপাৰ চলিয়েই থাকিল, যাক লৈ প্ৰশাসন কঠোৰ হৈছে আৰু ধাৰাবাহিকভাৱে অভিযান চলাই থাকিল।
Photo: Google