উত্তৰ প্ৰদেশৰ অমৰোহাত এনে এক ঘটনা সংঘটিত হৈছে যিটো শুনিলে আপোনাৰো কাণ বাজি উঠিব।
এগৰাকী ভুক্তভোগী যুৱতীয়ে আৰু তাইৰ পৰিয়ালে ৪ দিন ধৰি SPৰ কাৰ্যালয়ত দৌৰি ফুৰিছে কিন্তু আৰক্ষীয়ে কোনোধৰণৰ উমানে পোৱা নায়।
ভুক্তভোগী যুৱতীগৰাকীয়ে সংবাদ মাধ্যমৰ সৈতে হোৱা আলোচনাত নিজৰ সৈতে সংঘটিত হোৱা সম্পূৰ্ণ ঘটনা বিৱৰি কয়।
ভুক্তভোগীয়ে ক’লে যে, মই ৫ মাহৰ গৰ্ভৱতী হয় কিন্তু মই নাজানো যে এই সন্তানৰ পিতৃ কোন হয়?
মই আৰক্ষীৰ কাষ চাপিছো কিন্তু আমাৰ কথা কোনোৱে শুনা নায়।
ভুক্তভোগীগৰাকীয়ে ক’লে যে, মোৰ অপহৰণ হৈছিল।
মোক সুশীল ইছৰাইল আৰু কপিল গুৰ্জৰ ৩জন লোকে ৬ মাহ পূৰ্বে লৈ গৈছিল।
৪ দিনলৈ মোৰ সৈতে যি টি কাম কৰে আৰু মোৰ অপমান কৰে, ভিডিঅ’ বনাই আৰু সেয়া ভাইৰেল কৰাৰ ভাবুকি দিয়ে।
চাকু-তৰোৱাল লৈ ভয় খুৱাই আৰু কয় যে, আমি যি কও, সেয়াই কৰ, নহ’লে তোৰ ভাতৃসকলক হত্য়া কৰি দিম।
৪ দিন পিছত ভুক্তভোগীক মঞ্চুৰপুৰৰ সমীপৰ জীৱনা গাঁৱত ৩ লাখ টকাত ৪ জন লোকক গটাই দিয়ে।
সেইসকল লোকে ভুক্তভোগীক ৩-৪ মাহ ধি নিজৰ লগত ৰাখিলে আৰু তাইৰ সৈতে কু-কাণ্ড সংঘটিত কৰে।
ইয়াৰ পিছত সুশিলা, ইছৰাইল আৰু কপিল ভুক্তভোগীক পুনৰ নিজৰ লগত আনে আৰু ২ মাহলৈ নিজৰ লগতে ৰাখিলে।
ইয়াৰ পিছত সুশিলাই ভুক্তভোগীৰ গলিৰ ৩জন লোকৰ কাষত তাইক থৈ আহে আৰু প্ৰতিজনে কু-কাণ্ড সংঘটিত কৰে।
ইয়াৰে এজন লোক বাবুক ভুক্তভোগী যুৱতীগৰাকীয়ে ভালদৰে চিনিও পায়।
ইয়াৰ পিছত সুযোগ গ্ৰহণ কৰি তাই তাৰ পৰা পলায়ন কৰে আৰু পৰিয়ালৰ সন্মুখত সকলো কথা বিৱৰি কয়।
Photo: Google