নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উদ্বোধন কৰে বিশ্বৰ প্ৰথমখন ডাবল-ষ্ট্যাক কণ্টেইনাৰ ট্ৰেইন
নিউ আটেলি-নিউ কিষাণগড় সংযোগী ৰে’লখন ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে মুকলি কৰে মোদীয়ে ৷
১.৫ কি.মি. দৈৰ্ঘ্যৰ এই ৰেলখন বৈদ্যুতিক ঘৰ্ষণৰ জৰিয়তে চলাচল কৰিব ৷
ডৱ্লিউ ডি এফ চি ৰ ৩০৬ কি.মি. নিউ ৰেৱাৰী-নিউ মডাৰ অংশ মোদীয়ে আজি ৰাষ্ট্ৰৰ বাবে উৎসৰ্গিত কৰে ৷
এই উপলক্ষে প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে দেশৰ বুনিয়াদ আধুনিকীকৰণৰ ক্ষেত্ৰত ‘মহাযজ্ঞ’ ই এক নতুন মাত্ৰা প্ৰদান কৰিছে ৷
লগতে তেওঁ কয়, ডৱ্লিউ ডি এফ চি প্ৰকল্পটো একবিংশ শতিকাৰ ভাৰতৰ বাবে এক যুগান্তকাৰী পৰিবৰ্তনৰ কাৰক হিচাপে চিহ্নিত হৈছে ৷
পাঁচ-ছয় বছৰৰ কঠোৰ পৰিশ্ৰমৰ ফলস্বৰূপে এই প্ৰকল্পৰ এটি বৃহৎ অংশ আজি বাস্তৱত ৰূপায়িত হৈছে বুলিও তেওঁ উল্লেখ কৰে ৷