আজি আন্তৰ্জাতিক নাৰী দিৱস। নাৰী দিৱসৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ মহিলাসকললৈ আগবঢ়াইছে এক বিশেষ উপহাৰ।
প্ৰতিটো ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য ১০০ টকাকৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লয় চৰকাৰ। ছচিয়েল মিডিয়া এক্সৰ জৰিয়তে মোডীয়ে জনাই এই কথা। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, আজি মহিলা দিৱসত আমাৰ চৰকাৰে এলপিজি চিলিণ্ডাৰৰ মূল্য ১০০ টকা হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ ফলত সমগ্ৰ দেশৰ লাখ লাখ পৰিয়ালৰ বিত্তীয় বোজা যথেষ্ট হ্ৰাস পাব, বিশেষকৈ আমাৰ নাৰী শক্তি উপকৃত হ’ব। ৰন্ধন গেছ অধিক সুলভ কৰি, আমি পৰিয়ালবোৰৰ কল্যাণত সহায় কৰা আৰু এক স্বাস্থ্যকৰ পৰিৱেশ নিশ্চিত কৰাৰ লক্ষ্য ৰাখিছো।
Today, on Women's Day, our Government has decided to reduce LPG cylinder prices by Rs. 100. This will significantly ease the financial burden on millions of households across the country, especially benefiting our Nari Shakti.
By making cooking gas more affordable, we also aim…
— Narendra Modi (@narendramodi) March 8, 2024
উল্লেখ্য যে,প্ৰতি বছৰে ৮ মাৰ্চত সমগ্ৰ বিশ্বজুৰি আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়।