পুনৰ অম্বালাৰ চেণ্ট্ৰেল জেল আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।
জেলখনত কয়দীয়ে আত্মহত্যা কৰাৰ ঘটনা এয়াই নতুন নহয়।
পুনৰ আন এজন কয়দীয়ে আত্মহত্যাৰ দৰে চৰম পথ বাচি লয় জেলখনত।
এজন কয়দীয়ে নিজৰ হাতত লিখিলে ছুইচাইড নোট।
নোটখনত উল্লেখ কৰিলে উপ-কাৰাঅধীক্ষক ৰাকেশ লোহচৰৰ নাম।
কয়দীজনে লিখিলে যে, মোৰ মৃত্যুৰ দায়ী উপ-কাৰাঅধীক্ষক ৰাকেশ লোহচৰ।
উপ-কাৰাঅধীক্ষকৰ বিৰুদ্ধে উত্থাপন হোৱা এই অভিযোগৰ মাজতে দুদিন পূৰ্বে তেওঁক স্থানান্তৰ কৰা হৈছিল পঞ্চকুলা জেললৈ।
উল্লেখ্য যে, মৃত কয়দীজনৰ পুত্ৰ অজয়ে ক’লে যে তেওঁৰ পিতৃক ২০ বছৰৰ শাস্তি প্ৰদান কৰা হৈছিল কিন্তু বুধবাৰে ফোন আহিছিল যে তেওঁৰ পিতৃৰ ইতিমধ্য়ে মৃত্যু হৈছে।
তেওঁৰ হাতত লিখা আছিল- ‘ৰাকেশ লোহচৰ তেওঁৰ মৃত্যুৰ বাবে দায়ী।’ আত্মহত্যাৰ পথ বাচি লোৱা কয়দীজনৰ নাম বিজয়।
Photo: Google