নিউজ ডেস্কঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলুৱৈ ছিকিমৰ ১৫ বছৰীয়া ৰিয়া লেপচাই শনিবাৰে কৰুণ মৃত্যুক সাবটি লয় ৷
মগজুত হোৱা টিউমাৰৰ বাবে চিকিৎসাধীন হৈ আছিল যুৱ খেলুৱৈগৰাকী ৷
২০২০ চনৰ ২৮ অক্টোবৰত প্ৰথমটো অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হৈছিল ৰিয়াৰ ৷
পশ্চিম ছিকিমৰ মানেইবং ডেনটাম সমষ্টিৰ সাংখু ৰাদুখান্দুৰ বাসিন্দা আছিল ৰিয়া ৷
ৰিয়া লেপচাৰ চিকিৎসাৰ বাবে নৱেম্বৰ মাহত ‘ফুটবল প্লেয়াৰছ এছ’চিয়েচন অৱ ছিকিম'(FPAS) ৰ সদস্যসকলে সাহায্য সংগ্ৰহ কৰিছিল ৷
তেওঁলোকে সাহায্য হিচাপে ৪ লাখ টকা সংগ্ৰহ কৰি সহায় কৰিছিল ৰিয়াক ৷