দিল্লীস্থিত কুটুবমিনাৰ খননৰ সকলো জল্পনা-কল্পনা অন্ত পেলাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৈছে যে, কুটুবমিনাৰ খননৰ কোনো সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নাই। উল্লেখ্য যে, কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰালয়ে ঐতিহাসিক কুটুবমিনাৰত হিন্দু ধৰ্মীয় দেৱতা গণেশৰ দুটা মূৰ্তি থকাৰ কথা প্ৰকাশ পাইছিল। ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (এ এছ আই)য়ে খনন আৰম্ভ কৰি সংস্কৃতি মন্ত্ৰালয়ক প্ৰতিবেদন দাখিল কৰিব লাগিব বুলিও খবৰ প্ৰকাশ পাইছিল।
কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰীয়ে স্পষ্ট কৰি দিছে যে, মন্ত্ৰালয়ে এনে কাম কৰাৰ কথা চিন্তা কৰা নাই। প্ৰকৃততে, সংস্কৃতিক সচিব গোবিন্দ মোহনে শনিবাৰে স্মাৰকটো পৰিদৰ্শন কৰিছিল। ইয়াৰ পিছতেই কুটুবুদ্দিন আইবাক নে চন্দ্ৰগুপ্ত বিক্ৰমাদিত্যৰ দ্বাৰা কুটুব মিনাৰ নিৰ্মাণ কৰা হৈছিল সেই তথ্য স্পষ্ট কৰিবলৈ এ এছ আইক খনন কাৰ্য চলাবলৈ নিৰ্দেশ দিয়া হৈছে বুলি খবৰ বিয়পি পৰিছিল।