নিউজ ডেস্কঃ নৱবৰ্ষৰ প্ৰথমটো মাহতে ভাৰতীয় ৰে’ল বিভাগৰ নতুন পদক্ষেপ।
শেহতীয়াকৈ ভাৰতীয় ৰে’ ল বিভাগে ই-টিকেটিং ৱেবছাইট আৰু আই আৰ চি টি চি ৰে’ল কানেক্ট ম’বাইল এপ নতুনকৈ প্ৰস্তুত কৰি উলিয়াইছে।
এই ৱেবছাইট-ম’বাইল এপটো ৰে’লৰ টিকট বুকিং কৰাৰ বাবে ব্যৱহাৰ কৰিব পাৰিব যাত্ৰীসকলে।
নতুন ৰূপত আৰম্ভ কৰা এপটোত গ্ৰাহক তথা যাত্ৰীয়ে সহজতে ৰে’লৰ টিকট বুকিং কৰিব পাৰিব।
উল্লেখ্য, উন্নত মানদণ্ডৰ এই ৱেবছাইটত প্ৰায় ৬ কোটীৰো অধিক গ্ৰাহক থকাৰ লগতে দৈনিক ৮ লাখতকৈও অধিক যাত্ৰীয়ে টিকট বুকিং কৰি আহিছে।