ৰাজহুৱা সম্পদ ব্যক্তিগত খণ্ডৰ হাতত গটাই দিয়াৰ যেন প্ৰতিযোগিতাতহে নামিছে বৰ্তমানৰ চৰকাৰ। এইবাৰ ৰে’ল বিভাগৰ মাটি ৫ বছৰৰ ঠাইত ৩৫ বছৰৰ বাবে লীজত দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে কেন্দ্ৰীয় কেবিনেটে।
চৰকাৰে ২০২১ চনত গ্ৰহণ কৰা প্ৰধানমন্ত্ৰী গতি শক্তি ফ্ৰেমৱৰ্ক প্ৰকল্পৰ সফল ৰূপায়ণত সহায়ক হোৱাকৈ এই সিদ্ধান্ত গ্ৰহণ কৰে। এই প্ৰকল্পৰ অধীনত ১৬ টা মন্ত্ৰালয় সামৰি এখন মঞ্চ গঠন কৰা হৈছে। এই মঞ্চত ৰে’ল, অসামৰিক বিমান পৰিবহন, জাহাজ আৰু পথ পৰিবহন মন্ত্ৰালয়ো আছে। উল্লেখ্য যে, এই আঁচনি ৰূপায়ণৰ ফলত ৯০ দিনৰ ভিতৰত প্ৰায় ১.২ লাখ চাকৰি সৃষ্টি হ’ব। ৰে’লৰ মাটি লীজত লোৱা সকলৰ সুবিধা হোৱাকৈ ঘাইকৈ আন্ত:গাঁথনিৰ কাম শক্তিশালী কৰাৰ স্বাৰ্থত লীজৰ সময় সীমা ৩৫ বছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।