নিউজ ডেস্কঃ
মাননীয় সভাপতি মহোদয়,
মই আজি লাডাখৰ সীমাত বিগত কিছু মাহৰ পৰা সংঘটিত ঘটনাসমূহৰ বিৱৰণ সন্মানীয় সদস্যসকলৰ সন্মুখত দাঙি ধৰিবলৈ উপস্থিত হৈছো৷ আমাৰ এই মহান দেশ ভাৰত অসংখ্য দেশবাসীৰ ত্যাগ আৰু তপস্যাৰ ফলত আজিৰ স্থিতিলৈ উপনীত হৈছে৷ স্বতন্ত্ৰ ভাৰতৰ সেনাসমূহে দেশৰ সুৰক্ষাৰ বাবে নিজৰ সৰ্বোচ্চ ত্যাগ কৰাত কেতিয়াও পিছহোঁহকা নাই৷ আপোনালোকে সকলোৱেই জানে যে ১৫ জুন ২০২০ তাৰিখে গলৱান ঘাটিত কৰ্ণেল সন্তোষ বাবুৰ সৈতে আমাৰ ১৯ গৰাকী সাহসী সেনাই ভাৰত মাতৃৰ সীমা ৰক্ষা কৰি নিজৰ প্ৰাণৰ আহুতি দিছে৷ আমাৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী মহোদয়ে স্বয়ং লাডাখলৈ গৈ সাহসী সেনাসকলৰ উৎসাহ বৃদ্ধি কৰিছে৷ মইও আমাৰ সাহসী সেনাসকলৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ শৌৰ্য আৰু অটুট সাহস অনুভৱ কৰিছো৷ এই সদনক মই অনুৰোধ জনাইছো যে গলৱানত শ্বহীদ হোৱা বীৰ জোৱানসকলৰ প্ৰতি দুই মিনিট মৌন হৈ থাকি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হওক৷
পোন প্ৰথমে মই সংক্ষেপতে চীনৰ সৈতে আমাৰ সীমা সম্বন্ধীয় বিষয়ে ক’বলৈ বিচাৰিছো৷ যিদৰে সদনে এই বিষয়ে জ্ঞাত যে ভাৰত তথা চীনৰ সীমাৰ প্ৰশ্নৰ এতিয়াও সমাধান হোৱা নাই৷ ভাৰত আৰু চীনৰ সীমাৰ পৰম্পৰাগত সংৰেখা চীনে মানি লোৱা নাই৷ চীনে ভাবে যে সীমা এতিয়াও উপযুক্ত ধৰণে নিৰ্ধাৰিত হোৱা নাই৷ লগতে চীনে এয়াও ভাবে যে ঐতিহাসিক ক্ষেত্ৰাধিকাৰৰ ভিত্তিত যি পৰম্পৰাগত সীমা আছে, সেই সম্পৰ্কেও দুয়োখন দেশে পৃথক ব্যাখ্যা দাঙি ধৰিছে৷ দুয়োখন দেশে ১৯৫০ আৰু ১৯৬০ৰ দশকত এই বিষয়ে আলোচনা কৰিছিল, কিন্তু পাৰস্পৰিক ৰূপত ইয়াৰ স্বীকাৰ্য সমাধান নোলাল৷
যিদৰে এই সদন অৱগত যে চীনে লাডাখত ভাৰতৰ প্ৰায় ৩৮,০০০ বৰ্গ কিলোমিটাৰ ভূমি অনধিকৃত অধিকাৰ কৰিছে৷ ইয়াৰোপৰি ১৯৬৩ত এক তথাকথিত সীমা চুক্তিৰ অধীনত পাকিস্তানে নিজৰ অধিকৃত কাশ্মীৰৰ ৫১৮০ বৰ্গ কিলোমিটাৰ ভাৰতীয় ভূমি অবৈধভাৱে চীনক হস্তান্তৰ কৰিছিল৷ চীনে অৰুণাচল প্ৰদেশৰ সীমা স্পৰ্শ কৰি প্ৰায় ৯০,০০০ বৰ্গ কিলোমিটাৰ ভাৰতৰ ভূমিক নিজৰ বুলি দাবী কৰিছে৷
ভাৰত তথা চীন দুয়োখন দেশে প্ৰণালীগতভাৱে এই মানি লৈছে সীমা বিবাদ এক জটিল বিষয় যাৰ সমাধানৰ বাবে ধৈৰ্যৰ আৱশ্যক তথা এই বিষয়টোৰ স্পষ্ট, ন্যায়সংগত পৰস্পৰ স্বীকাৰ্য সমাধান শান্তিপূৰ্ণ আলোচনাৰ দ্বাৰাহে সম্ভৱ হ’ব৷ অন্তিৰমৰূপত দুয়োটা পক্ষই এয়া মানি লৈছে যে সীমাত শান্তি আৰু স্থিতাৱস্থা বাহাল ৰখাটো দ্বিপাক্ষিক সম্বন্ধ বৃদ্ধি কৰাৰ বাবে অত্যন্ত আৱশ্যক৷
মই এয়াও ক’বলৈ বিচাৰিছো যে এই পৰ্যন্ত ভাৰত আৰু চীনৰ সীমাক্ষেত্ৰত সহযোগিতামূলক ৰূপত নিৰূপিত বাস্তৱিক নিয়ন্ত্ৰণ ৰেখা নাই আৰু এলএচিক লৈ দুয়োখন দেশৰ ধাৰণা পৃথক৷ সেয়ে শান্তি আৰু স্থিতাৱস্থা বাহাল ৰখাৰ বাবে দুয়োখন দেশৰ মাজত বহুধৰণৰ বুজাবুজি আৰু চুক্তি পত্ৰ আছে৷
এই বুজাবুজিসমূহৰ অধীনত দুয়োখন দেশে এয়া মানি লৈছে যে এলএচিত শান্তি আৰু স্থিতাৱস্থা বাহাল ৰখা হ’ব য’ত এলএচিৰ নিজৰ নিজৰ স্থিতি আৰু সীমাৰ প্ৰশ্নৰ কোনো প্ৰভাৱ নপৰিব৷ আধাৰ বৰ্ষ ১৯৮৮ৰ পিছত দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্ক যথেষ্ট উন্নত হৈছে৷ ভাৰতে ভাবে যে দ্বিপাক্ষিক সম্পৰ্ক বিকশিত কৰিব পৰা যায় লগতে সীমাৰ বিষয়সমূহৰ সমাধানৰ বিষয়ে আলোচনাও কৰিব পাৰি৷ কিন্তু এলএচিত শান্তি আৰু স্থিৰতাত যিকোনো ধৰণৰ গম্ভীৰ স্থিতিয়ে দ্বিপাক্ষিক সম্পৰ্কত নিশ্চিতৰূপে প্ৰভাৱ পেলাব৷
১৯৯৩ আৰু ১৯৯৬ বৰ্ষৰ বুজাবুজিৰ পিছত দুয়োখন দেশে নিজৰ সেনাৰ সংখ্যা হ্ৰাস কৰাৰ কথাটোও উত্থাপন হৈছিল৷ বুজাবুজিৰ চুক্তিত এয়া উল্লেখ আছিল যে যেতিয়ালৈ সীমাৰ বিষয়টো সম্পূৰ্ণৰূপত সমাধান নহয় তেতিয়ালৈ বাস্তৱিক নিয়ন্ত্ৰণ ৰেখাৰ অনুপালন কৰা হ’ব৷ এই বুজাবুজিত ভাৰত তথা চীনৰ এলএচিৰ স্পষ্টীকৰণৰ দ্বাৰা এক স্বীকাৰ্য সমাধান লাভ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আছিল৷ ইয়াৰ ভিত্তিত ১৯৯০ৰ পৰা ২০০৩লৈ দুয়োখন দেশৰ দ্বাৰা বাস্তৱিক নিয়ন্ত্ৰণ ৰেখাত সহযোগিতা বৰ্তাই ৰখাৰ প্ৰয়াস কৰা হ’ল কিন্তু ইয়াৰ পিছত চীনে এই কাৰ্যসূচী আগুৱাই নিয়াত সহমত প্ৰকাশ নকৰিলে৷ ফলস্বৰূপে বহু স্থানত চীন আৰু ভাৰতৰ মাজত এলএচিৰ ধাৰণাত পাৰস্পৰিক অতিক্ৰমণৰ সৃষ্টি হৈছে৷ এই ক্ষেত্ৰসমূহত তথা সীমাৰ অন্য এলেকাত অন্য বুজাবুজিৰ চুক্তিৰ ভিত্তিত দুয়োখন দেশৰ সেনাই আক্ৰমণ আদিৰ স্থিতিৰ সমাধান বাহিৰ কৰে যাতে শান্তি স্থাপিত হয়৷
সদনক বৰ্তমানৰ স্থিতিৰ বিষয়ে অৱগত কৰাৰ পূৰ্বে মই ক’বলৈ বিচাৰিম যে চৰকাৰৰ বিভিন্ন গুপ্তচৰ সংস্থাসমূহৰ মাজত সমন্বয়ৰ এক বিস্তৃত তথা সময়ৱদ্ধ প্ৰক্ৰিয়া বিদ্যমান য’ত কেন্দ্ৰীয় আৰক্ষীবাহিনী আৰু তিনিওটা সশস্ত্ৰবাহিনীৰ চোৰাংচোৱা সংস্থা অন্তৰ্ভুক্ত আছে৷ প্ৰযুক্তিগত আৰু মানৱীয় আধাৰৰ ভিত্তিত ঐক্যৱদ্ধ গোপন তথ্যসমূহক সমন্বিত প্ৰক্ৰিয়াৰে একত্ৰিত কৰা হয় আৰু সশস্ত্ৰবাহিনীৰ দ্বাৰা সেইসমূহৰ ওপৰত সিদ্ধান্ত ল’বলৈ বিনিময় কৰা হয়৷
এতিয়া মই সদনক চলিত বৰ্ষত উদ্ভৱ হোৱা পৰিস্থিতিৰ বিষয়ে অৱগত কৰাবলৈ বিচাৰিছো৷ এপ্ৰিল মাহৰ পৰা পূব লাডাখৰ সীমাত চীনৰ সেনাৰ সংখ্যা আৰু তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰসমূহৰ বৃদ্ধি হোৱাটো পৰিলক্ষিত হৈছে৷ মে’ মাহৰ আৰম্ভণিতে চীনে গলৱান ঘাটিত আমাৰ সেনা দলৰ সৈতে সাধাৰণ পাৰম্পৰিক প্ৰক্ৰিয়াত ব্যৱধান আৰম্ভ কৰিলে যাৰ বাবে হতাহতিৰ পৰিস্থিতিৰ সৃষ্টি হ’ল৷ তাত উপস্থিত কমাণ্ডোৰ দ্বাৰা এই সমস্যাৰ সমাধানৰ বাবে বিভিন্ন বুজাবুজি তথা প্ৰক্ৰিয়াৰ অধীনত আলোচনা চলি থকাৰ মাজতেই মে’ মাহৰ মাজত চীনৰ দ্বাৰা পশ্চিম খণ্ডত বিভিন্ন স্থানত এলএচিৰ অতিক্ৰমণ কৰাৰ প্ৰয়াস কৰা হ’ল৷ ইয়াত কোংগকা-লা-গোগৰা আৰু পেংগং জুৰিৰ উত্তৰ অংশও চামিল আছে৷ এই প্ৰয়াসসমূহক আমাৰ সেনাই সময় থাকোতেই প্ৰত্যক্ষ কৰিছিল তথা ইয়াৰ বাবে সমুচিত উত্তৰো প্ৰদান কৰিছিল৷
আমি চীনক কূটনৈতিক তথা সেনা প্ৰক্ৰিয়াৰ জৰিয়তে এয়া অৱগত কৰাইছো যে এই ধৰণৰ গতিবিধি তথা স্থিতিক একপক্ষীয় ধৰণে পৰিৱৰ্তন কৰাৰ প্ৰয়াস কৰা হৈছে৷ এয়াও স্পষ্ট কৰি দিয়া হৈছে যে এই প্ৰয়াস আমি কোনো পৰিস্থিতিতে মানি নলও৷
এলএচিৰ ওপৰত বৃদ্ধি হোৱা হতাহতিৰ ঘটনা পৰিলক্ষিত কৰি সেনা কমাণ্ডাৰে ৬ জুন ২০২০ তাৰিখে বৈঠকৰ আয়োজন কৰে তথা এই কথাৰ ওপৰত সহমতি প্ৰকাশ কৰা হয় যে পাৰস্পৰিক প্ৰক্ৰিয়াৰে দুয়ো পক্ষৰ সেনাক ঘূৰাই লৈ যোৱা হ’ব৷ দুয়োটা পক্ষই এই কথাতো সহমত প্ৰকাশ কৰিছে যে বাস্তৱিক নিয়ন্ত্ৰণ ৰেখা মানি চলা হ’ব তথা কোনো ধৰণৰ এনেকুৱা কাৰ্যসূচী পালন কৰা নহ’ব যাৰ দ্বাৰা স্থিতিৰ পৰিৱৰ্তন হয়৷ কিন্তু এই সহমতিৰ উলংঘন চীনে ১৫ জুন গলৱানত সংঘটিত কৰে৷ আমাৰ সাহসী সেনাই নিজৰ প্ৰাণ বলিদান দিও চীনা পক্ষৰো বিস্তৰ ক্ষতি সাধন কৰে আৰু নিজৰ সীমাৰ সুৰক্ষাত সফল হয়৷
এই সম্পূৰ্ণ সময়ছোৱাত আমাৰ সাহসী সেনাসকলে সংযম প্ৰদৰ্শন কৰে আৰু শৌৰ্যৰো প্ৰদৰ্শন কৰে৷ মই সদনক অনুৰোধ জনাইছো যে আমাৰ সৈনিকসকলৰ বীৰত্ব তথা সাহসিকতাৰ ভুৰি-ভুৰি প্ৰশংসা কৰা হওক৷ আমাৰ সাহসী সেনাই অত্যন্ত কঠিন পৰিস্থিতিত নিজৰ অৰ্থক প্ৰয়াসৰ দ্বাৰা সমস্ত দেশবাসীক সুৰক্ষা প্ৰদান কৰিছে৷
আমাৰ সীমাৰ সুৰক্ষাৰ প্ৰতি কোনেও নিৰৰ্থক সন্দেহ প্ৰকাশ কৰিব নালাগে আৰু চুবুৰীয়া দেশসমূহৰ সৈতে শান্তিপূৰ্ণ সম্বন্ধৰ বাবে পাৰস্পৰিক সন্মান আৰু সংবেদনশীলতা বৰ্তাই ৰখাটোও আৱশ্যক বুলি ভাৰতে ভাবে৷ আলোচনাৰ মাধ্যমেৰে এই পৰিস্থিতিৰ সমাধান আমি বিচাৰিছো বাবে চীনৰ সৈতে কূটনৈতিক সম্পৰ্ক বৰ্তাই ৰাখিছো৷
উপৰোক্ত ঘটনাসমূহৰ দ্বাৰা এয়া স্পষ্ট হয় যে চীনে দ্বিপাক্ষিক সম্পৰ্কক উপযুক্ত সন্মান প্ৰদৰ্শন কৰা নাই৷ চীনে আৱণ্টিত কৰা সেনাৰ দ্বাৰা ১৯৯৩ আৰু ১৯৯৬ৰ চুক্তি উলংঘা হৈছে৷ এলএচিৰ সন্মান কৰা আৰু সেইসমূহ কঠোৰভাৱে পালন কৰাটোৱেই গ’ল সীমাঞ্চলত শান্তি আৰু সদ্ভাৱ বৰ্তাই ৰখাৰ আধাৰ আৰু ইয়াক ১৯৯৩ তথা ১৯৯৬ৰ চুক্তিত স্পষ্ট ৰূপত স্বীকাৰ কৰা হৈছে৷ আমাৰ সশস্ত্ৰবাহিনীয়ে ইয়াক সম্পূৰ্ণৰূপে পালন কৰাৰ বিপৰীতে চীনা পক্ষই ইয়াক সন্মান নকৰে৷ তেওঁলোকৰ গতিবিধিসমূহৰ বাবে এলএচিৰ ওচৰে-পাজৰে সময়ে সময়ে হতাহতি আৰু আক্ৰমণৰ দৰে ঘটনা ঘটিছে৷
বৰ্তমানৰ স্থিতি অনুসৰি চীনা পক্ষই এলএচি আৰু নিজৰ অন্তৰ্ভাগৰ ক্ষেত্ৰসমূহত বৃহৎ সংখ্যাত সেনাৰ দল আৰু গোলা-বাৰুদ জমা কৰিছে৷ পূব লাডাখ আৰু গোগৰা, কোংগকা-লা আৰু পেংগং জুৰিৰ উত্তৰ তথা দক্ষিণ তটত আক্ৰমণৰ বহুকেইটা স্থান আছে৷ চীনৰ গতিবিধিৰ উত্তৰত আমাৰ সশস্ত্ৰবাহিনীয়েও এই অঞ্চলসমূহত সেনা উপলব্ধ কৰাইছে যাতে ভাৰতৰ সীমা সুৰক্ষিত হৈ থাকে৷ অধ্যক্ষ মহোদয়, সদন এই সন্দৰ্ভত আশ্বস্ত হ’ব লাগে যে আমাৰ সশস্ত্ৰবাহিনীয়ে এই প্ৰত্যাহ্বানৰ সাহসিকতাৰে সন্মুখীন হ’ব আৰু তাৰবাবে আমি তেওঁলোকক লৈ গৌৰৱ কৰো৷ এতিয়া যি স্থিতিৰ সৃষ্টি হৈছে তাত সংবেদনশীল সামৰিক বিষয়ো অন্তৰ্ভুক্ত হৈছে৷ সেইবাবে মই এই বিষয়ে অধিক প্ৰকাশ নকৰো আৰু মই নিশ্চিত যে সদনে এই সংবেদনশীলতাৰ বিষয়ে অনুধাৱন কৰিব পাৰিব৷
ক’ভিড-১৯ৰ প্ৰত্যাহ্বানমূলক সময়ত আমাৰ সশস্ত্ৰবাহিনী আৰু আইটিবিপিত অধিক সংখ্যাত সেনাৰ ভৰ্তি হৈছে৷ সদনে জানে যে বিগত বহুকেইটা দশতৰ পৰা চীনে বৃহৎ পৰিসৰত আন্তঃগাঁথনি নিৰ্মাণ সম্বন্ধীয় গতিবিধি আৰম্ভ কৰিছে৷ সেয়ে সীমাঞ্চলত তেওঁলোকৰ ক্ষমতা বৃদ্ধি হৈছে৷ ইয়াৰ প্ৰত্যুত্তৰত আমাৰ চৰকাৰেও সীমাত আন্তঃগাঁথনিৰ বিকাশৰ বাবে বাজেট বৃদ্ধি কৰিছে আৰু পূৰ্বতকৈ প্ৰায় দুগুণলৈ বৃদ্ধি কৰিছে৷ ইয়াৰ ফলস্বৰূপে সীমান্তৱৰ্তী অঞ্চলত বহু পথ আৰু দলং নিৰ্মাণ কৰা হৈছে৷ ইয়াৰ দ্বাৰা কেৱল স্থানীয় লোক উপকৃত হোৱাই নহয় বৰঞ্চ আমাৰ সশস্ত্ৰবাহিনীও উপকৃত হৈছে৷ ইয়াৰ ফলত তেওঁলোক অধিক সাৱধান হ’ব পাৰিছে আৰু প্ৰয়োজনৰ সময়ত উপযুক্ত ব্যৱস্থাও গ্ৰহণ কৰিব পাৰিব৷ আগন্তুক সময়চোৱাত চৰকাৰ এই উদ্দেশ্যৰ প্ৰতি সম্পূৰ্ণ দায়ৱদ্ধ হৈ থাকিব৷ দেশৰ হিতাৰ্থে যিমানেই বৃহৎ পদক্ষেপ ল’বলগীয়া নহওক কিয়, আমি পিছ নোহোঁহকো৷
মাননীয় সভাপতি মহোদয়,
মই এটা কথাত গুৰুত্ব প্ৰদান কৰিব বিচাৰিম যে ভাৰতে আমাৰ সীমান্তৱৰ্তী অঞ্চলৰ বিদ্যমান বিষয়ৰ সমাধান শান্তিপূৰ্ণ আলোচনাৰ মাধ্যমেৰে কৰাৰ বাবে প্ৰতিশ্ৰুতিৱদ্ধ৷ এই উদ্দেশ্যৰে আমি চীনৰ সৈতে ৪ ছেপ্টেম্বৰত মস্কোত সাক্ষাৎ কৰিছিলো৷ মই স্পষ্ট ধৰণে আমাৰ চিন্তা-ধাৰা চীনৰ পক্ষৰ সন্মুত দাঙি ধৰিছিলো৷ মই স্পষ্টভাৱে কৈছিলো যে আমি এই বিষয়টো সম্পূৰ্ণ শান্তিপূৰ্ণ ধৰণে সমাধান কৰিব বিচাৰো আৰু আমি বিচাৰো যে চীনে আমাক সহযোগ কৰক৷ আমি এয়াও স্পষ্ট কৰি দিছো যে ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষাৰ বাবে আমি সম্পূৰ্ণ প্ৰতিশ্ৰুতিৱদ্ধ৷ ইয়াৰ পিছত মোৰ সহযোগী বিদেশ মন্ত্ৰী শ্ৰী জয়শংকৰ মহোদয়ে ১০ ছেপ্টেম্বৰত মস্কোত চীনৰ বিদেশ মন্ত্ৰীক সাক্ষাৎ কৰে৷
সদনৰ জৰিয়তে মই আমাৰ ১৩০ কোটি দেশবাসীক আশ্বস্ত কৰিব বিচাৰিছো যে আমি দেশৰ শিৰ কেতিয়াও নোদোৱাও৷ এয়া ৰাষ্ট্ৰৰ প্ৰতি আমাৰ দৃঢ় সংকল্প৷
অধ্যক্ষ মহোদয়, সদনৰ এক গৌৰৱশালী পৰম্পৰা এটা আছে যে যেতিয়াই দেশৰ সন্মুখত কোনো বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি হয় তেতিয়া সদনে ভাৰতীয় সেনাৰ দৃঢ়তা আৰু সংকল্পৰ প্ৰতি ঐক্যতা আৰু বিশ্বাস প্ৰদৰ্শিত কৰিছে৷ লগতে সীমাঞ্চলত নিজৰ সাহসী সেনাৰ শৌৰ্য, পৰাক্ৰম আৰু সীমাৰ সুৰক্ষাৰ প্ৰতি তেওঁলোকৰ দায়ৱদ্ধতাত সম্পূৰ্ণ বিশ্বাস প্ৰদৰ্শিত কৰিছে৷
মই আপোনাৰ জৰিয়তে দেশবাসীক এই বিশ্বাস প্ৰদৰ্শন কৰিব বিচাৰিছো যে আমাৰ সশস্ত্ৰবাহিনীৰ উৎসাহ তুংগত আছে আৰু তেওঁলোকে যিকোনো প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব পৰাকৈ দৃঢ় প্ৰতিজ্ঞ হৈছে৷ আমাৰ ইয়াত কোৱা হয় যে ‘সাহসে খলু শ্ৰী বসতি’৷ অৰ্থাৎ সাহসতেই লক্ষ্মীয়ে বাস কৰে৷ আমাৰ সৈনিকসকল সাহসৰ সৈতে সংযম শক্তি, শৌৰ্য আৰু পৰাক্ৰমৰ জীৱন্ত প্ৰমাণস্বৰূপ৷ বৰফময় উচ্চতাত তেওঁলোকৰ বাবে গৰম কাপোৰ, বিশেষ টেষ্ট তথা সকলো ধৰণৰ অস্ত্ৰ-শস্ত্ৰৰ যোগান ধৰা হৈছে৷
সভাপতি মহোদয়, এয়া সত্য যে আমি লাডাখত এক প্ৰত্যাহ্বানমূলক সময়ৰ মাজেৰে অতিক্ৰম কৰি আছো৷ কিন্তু মোৰ সম্পূৰ্ণ বিশ্বাস যে আমাৰ দেশ আৰু আমাৰ বীৰ জোৱানসকলে এই প্ৰত্যাহ্বান জয় কৰিব পাৰিব৷ মই এই সদনক অনুৰোধ জনাইছো যে এক জয়ধ্বনিৰে আমাৰ সেনাসকলৰ অদম্য সাহসক সন্মান প্ৰদৰ্শন কৰা হওক৷ এই সদনৰ পৰা প্ৰদান কৰা একতা তথা পূৰ্ণ বিশ্বাসৰ বাৰ্তা সমগ্ৰ দেশ আৰু সমগ্ৰ বিশ্বতে গুঞ্জৰিত হৈ উঠিব আৰু আমাৰ জোৱানসকলে চীনা সৈন্যৰ সৈতে চকুত চকু মিলাই থিয় হ’ব আৰু তেওঁলোকৰ মনত এক নতুন মনোবল, শক্তি তথা উৎসাহৰ সঞ্চাৰ হ’ব৷
জয় হিন্দ৷