সমগ্ৰ ভাৰততে পেট্ৰ’লৰ মূল্যই ৰাইজক মাধমাৰ শোধোৱাৰ সময়তে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰিছে কিছু সংশোধনৰ৷
আগন্তুত জিএছটি আয়োগৰ বৈঠকত পেট্ৰ’ল আৰু ডিজেলক জিএছটিৰ আওতালৈ অনাৰ বাবে আলোচনাত মিলিত হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে৷
লোকসভাত বিত্তীয় বিল ২০২১ৰ প্ৰশ্নোত্তৰ কালত নিৰ্মলা সীতাৰমণে কয় যে কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰ উভয়েই পেট্ৰ’ল আৰু ডিজেলৰ কৰ হ্ৰাস কৰিব৷ আনহাতে কেন্দ্ৰই ইন্ধনৰ কৰ ৰাজ্য চৰকাৰসমূহৰ সৈতে ভাগ-বটোৱাৰা কৰিব৷
বিভিন্ন মহলত ইন্ধনৰ মূল্য বৃদ্ধিক লৈ উত্থাপিত প্ৰশ্নৰ উত্তৰত বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে ইন্ধনজাত সামগ্ৰী দুবিধক জিএছটিৰ আওতালৈ অনাৰ বাবে হোৱা আলোচনা সন্দৰ্ভত তেওঁৰ কোনো সমস্যা নাই৷ আলোচনাত বহাৰ বাবে তেওঁ সাজু বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে৷