নিউজ ডেস্কঃ পুনৰ ঘুৰি আহিছে ৰিলায়েন্স জিঅ’ৰ যিকোনো নেটৱৰ্কলৈ আনলিমিটেড ফ্ৰী কলৰ সুবিধা ৷ নৱবৰ্ষৰ ১ জানুৱাৰী অৰ্থাৎ আজিৰে পৰাই জিঅ’-ৰ এই সুবিধা উপভোক্তাই লাভ কৰিব পাৰিব ৷ পুৰণি বছৰৰ শেষ দিনটোত অৰ্থাৎ বৃহস্পতিবাৰে আন নেটৱৰ্কলৈ ফোনকল চাৰ্জ তুলি দিয়াৰ কথা ঘোষণা কৰিছিল ৰিলায়েন্স জিঅ’ই। যোৱা শুকুৰবাৰে TRAI-য়ে ব্যৱস্থাৰ সলনি কৰাৰ পিছতে জিঅ’-ৰ এই সুবিধা পুনৰ উভতি আহিছে। ৰিলায়েন্স জিঅ’-ৰ পৰা জানিবলৈ দিয়ে যে পূৰ্বে প্ৰতিশ্ৰুতি দিয়া অনুসৰি আন্ত:দেশীয় অফ নেট ফোন কলৰ খৰচ শূন্য কৰি দিয়া হ’ব। আৰু ২০২১ চনৰ ১ জানুৱাৰীৰ পৰাই এই নিয়ম কাৰ্যকৰী হ’ব। আনহাতে, ইমানদিনে জিঅ’ই দি অহা বিনামূলীয়া অন নেট কলৰ সুবিধা অব্যাহত থাকিব বুলি জানিবলৈ দিছে সংস্থাটোৱে।