আজি কল্পনা চাওলাৰ ওপজা দিন ৷
ওপজা দিনত সমগ্ৰ বিশ্বই শ্ৰদ্ধাৰে সোঁৱৰিছে এইগৰাকী মহিয়সী নাৰীক ৷
১৮ বছৰ পূৰ্বে এক মহাকাশ অভিযানত মৃত্যু হৈছিল কল্পনা চাওলাৰ ৷
নাছাৰ মহাকাশ অভিযানৰ এগৰাকী সফল মহাকাশচাৰী আছিল কল্পনা চাওলা ৷
দুবাৰকৈ মহাকাশ অভিযানলৈ যোৱা সৌভাগ্য হৈছিল ভাৰতীয়মূলৰ প্ৰথমগৰাকী মহাকাশচাৰী কল্পনা চাওলাৰ ৷
কিন্তু ২০০৩ চনৰ ১ ফ্ৰেব্ৰুৱাৰীত হঠাৎ পৰিসমাপ্তি ঘটিছিল এই যাত্ৰাৰ ৷
পৃথিৱীত অৱতৰণ কৰাৰ ১৬ মিনিট পূৰ্বে ধ্বংস হৈছিল মহাকাশযান ‘স্পেছ শ্বাটল কলম্বিয়া’ ৷
মৃত্যু হৈছিল কল্পনা চাওলা আৰু ৬গৰাকী মহাকাশচাৰীৰ ৷
১৯৬২ চনৰ ১৭ মাৰ্চত হাৰিয়ানাত জন্ম গ্ৰহণ কৰিছিল কল্পনা চাওলাই ৷
আজিৰ এই বিশেষ ক্ষণত সকলোৱে স্মৰণ কৰিছে এইগৰাকী মহাকাশচাৰীক ৷
Remembering Kalpana Chawla, the first Indian origin woman to fly in space, on her birth anniversary. A symbol of strength & determination, she has & will continue to inspire women all over the world. #MyGovMorningMusings pic.twitter.com/5W8M3WcKf5
— MyGovIndia (@mygovindia) March 17, 2021
photo: google