সমাজবাদী পাৰ্টীৰ প্ৰতিষ্ঠাপক মুলায়েম সিং যাদৱৰ দেহাৱসান। উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুৰ সময়ত উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বয়স আছিল ৮২ বছৰ। গুৰুগ্ৰামৰ মেদান্তা হাস্পতালত আজি পুৱা ৮.১৬ বজাত অন্তিম নিশ্বাস ত্যাগ কৰে মুলায়েম সিং যাদৱে। সমাজবাদী পাৰ্টীৰ অধ্যক্ষ অখিলেশ যাদৱে মৃত্যুৰ খবৰ নিশ্চিত কৰি কয়, মোৰ শ্ৰদ্ধাৰ পিতৃ আৰু সকলোৰে নেতা মুলায়েম সিং যাদৱ আৰু নাই।
মুলায়েম সিং যাদৱৰ জন্ম ১৯৩৯ চনৰ ২২ নৱেম্বৰত ইটাৱা জিলাৰ ছেফই গাঁৱত এক কৃষক পৰিয়ালত হৈছিল। পিতৃৰ নাম সুঘৰ সিং আৰু মাতৃৰ নাম আছিল মূৰ্তি দেৱী। তিনিবাৰকৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছিল তেওঁ। ৰাজনীতিলৈ অহাৰ পূৰ্বে মুলায়েম সিং যাদৱে আগ্ৰা বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ আৰু বিটি কৰাৰ পিছত উপৰান্ত ইণ্টাৰ কলেজত প্ৰবক্তা হিচাপে নিযুক্তি হৈছিল। সক্ৰিয় ৰাজনীতিলৈ অহাৰ পিছত চাকৰিৰ পৰা পদত্যাগ কৰিছিল।
তেওঁ ১৯৮২ৰ পৰা ১৯৮৫ চনলৈ বিধান পৰিষদৰ সদস্য আছিল। লোহিয়া আন্দোলনত অংশগ্ৰহণ কৰা মুলায়েম সিং যাদৱে চাৰি অক্টোবৰ ১৯৯২ চনত সমাজবাদী পাৰ্টীৰ জন্ম দিছিল। উত্তৰ প্ৰদেশৰ তিনিবাৰ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰিছিল মুলায়েম সিং যাদৱে।