টিভি তথা বলীউড অভিনেতা সন্দীপ নাহৰে এদিন পূৰ্বে আত্মহত্যাৰ দৰে চৰম পথ বাচি লয়।
আৰক্ষীয়ে জনোৱা অনুসৰি সন্দীপ গোৰেগাঁওস্থিত নিজৰ ফ্লেটৰ ভিতৰতে অচেতন অৱস্থাত পোৱা গৈছিল।
পত্নী কাঞ্চন আৰু তেওঁৰ বন্ধুয়ে অচেতন অৱস্থাতে সন্দীপক লৈ যায় হাস্পতাললৈ আৰু তাতে চিকিৎসকে অভিনেতাগৰাকীক মৃত ঘোষণা কৰে।
আত্মহত্যাৰ পূৰ্বে সন্দীপে ফেচবুকত এটা ভিডিঅ’ পোষ্ট কৰে আৰু সেই ভিডিঅ’টোৰে তেওঁ আত্মহত্যা কৰাৰ কাৰণ উল্লেখ কৰে।
#SandeepNahar's last video before suicide. pic.twitter.com/lBBGfRFdfC
— India.com (@indiacom) February 16, 2021
তেওঁৰ আত্মহত্যাৰ কাৰণ বলীউডত হৈ থকা ৰাজনীতি আৰু তেওঁৰ পত্নী।
সন্দীপে অক্ষয় কুমাৰ মূল অভিনীত ছবি ‘কেছৰী’ আৰু সুশান্ত সিং ৰাজপুত মূল অভিনীত ছবি ‘এমএছ ধোনীঃ দ্য আনটোল্ড ষ্টৰী’ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
ইয়াৰোপৰি তেওঁ কেইবাখনো টিভি চিৰিয়েল আৰু বিজ্ঞাপনত কাম কৰিছিল।
সন্দীপে বাল্যকালৰ পৰাই অভিনেতা হ’ব বিচাৰিছিল।
তেওঁ স্কুলীয়া দিনৰে পৰা ড্ৰামা, স্কুলত অনুষ্ঠিত হোৱা অনুষ্ঠানত আৰু ৰামলীলাত অংশগ্ৰহণ কৰিছিল।
সন্দীপ নাহৰ হাৰিয়ানাৰ কালকা জিলাত বাস কৰিছিল।
তেওঁৰ জন্ম হৈছিল ১৯৮৭ৰ ২৫ ডিচেম্বৰত।
সন্দীপে অভিনেতা হোৱাৰ আশাৰে ২০০৯ বৰ্ষত মায়ানগৰী মুম্বাইলৈ আহিছিল।
কিন্তু নিজৰ জীৱন নিৰ্বাহ কৰিবলৈ প্ৰথমে তেওঁ ক্লাবত বাউঞ্চাৰৰ চাকৰি কৰিছিল।
কিন্তু পিছত তেওঁৰ খোৱা-মেলাৰ ক্ষেত্ৰত যথেষ্ট কষ্ট পাইছিল।
যাৰ বাবে তেওঁ পুনৰ ঘৰলৈ উভতিছিল।
ইয়াত চাওক সন্দীপ নাহৰৰ ইনষ্টাগ্ৰাম পোষ্ট-
কেইবাখনো ধাৰাবাহিকত কৰিছিল কাম
কিন্তু তেওঁৰ ঘৰত মন বহা নাছিল যাৰ বাবে ২০১২ত পুনৰ মুম্বাইলৈ ৰাওনা হৈছিল।
এইবাৰ তেওঁ হাৰ নামানিলে আৰু ধাৰাবাহিকত কাম কৰিবলৈ সুযোগ গ্ৰহণ কৰিছিল।
তেওঁ ‘দীয়া আৰু বাতী, ক্ৰাইম পেট্ৰ’ল, সাৱধান ইণ্ডিয়া আৰু CIDৰ দৰে চিৰিয়েলত কাম কৰিছিল।
২০১৪ত তেওঁক ‘হেপ্পী গো লক্কী’ নামৰ ছবিখনত ভিলেইনৰ চৰিত্ৰত দেখা পোৱা গৈছিল।
ছবি এমএছ ধোনীত সন্দীপৰ চৰিত্ৰ-
এই ছবিখনত পাইছিল পৰিচয়
২০১৬ত তেওঁৰ জীৱনলৈ আহিছিল টাৰ্ণিং পইণ্ট।
সেই বৰ্ষতে তেওঁ ‘এমএছ ধোনীত’ ধোনীৰ বন্ধুৰ চৰিত্ৰ পালন কৰিবলৈ সুযোগ লাভ কৰিছিল আৰু যাক যথেষ্ট প্ৰশংসাও কৰা হৈছিল।
ইয়াৰ পিছত তেওঁ সোনাক্ষী সিনহা অভিনীত ছবি ‘খানদানী ছফাখানা’ আৰু ‘শুক্ৰাণু’ৰ দৰে ছবিত কাম কৰিছিল।
২০১৯ত মুকলি হোৱা অক্ষয় কুমাৰ অভিনীত ছবি ‘কেছৰী’ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।
‘কেছৰী’ ছবিখনত সন্দীপ নাহৰ
Photo: Google