নিউজ ডেস্কঃ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তই পোহৰলৈ আনিছে বলীউদৰ বহু ক’লা অধ্যায়। নিষিদ্ধ ঘোষিত ড্ৰাগছৰ গোপন বেহা চলে বলীউদত। অধিকাংশ অভিনেতা-অভিনেত্ৰী এতিয়া ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে৷
সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সৈতে জড়িত হৈ পৰা প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীয়ে এনচিবিক দিয়া স্বীকাৰোক্তিত বহু কেইগৰাকী বলীউদৰ অভিনেতা-অভিনেত্ৰীৰ নাম প্ৰকাশ কৰিছে। এই সন্দৰ্ভত এনচিবিয়ে কোনোধৰণৰ চমন প্ৰেৰণ কৰা নাই বুলি জানিব পৰা গৈছে।